Rupaliparda.com
"অন্তৰীপ" উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি "অগ্নিস্নান"- 1

“অন্তৰীপ” উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি “অগ্নিস্নান”-

ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনী, চিত্ৰনাট্য,সংলাপকে আদি কৰি প্ৰযোজনা আৰু পৰিচালনাৰে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ছবিখন হৈছে “অগ্নিস্নান”। ছবিখন ভৱেন্দ্ৰ নাথ শইকীয়াৰ “অন্তৰীপ” নামে উপন্যাস খনৰ আধাৰত নিৰ্মিত কৰা হৈছে। ছবিখনে কেইবাটিও উল্লেখযোগ্য বঁটা লাভ কৰে যেনে-

"অন্তৰীপ" উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি "অগ্নিস্নান"- 2


১. ৰাষ্ট্ৰীয় চলচিত্ৰৰ বঁটাৰ শ্ৰেষ্ঠ চিত্ৰনাট্য


২. অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি, ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা (ৰজত কমল) ১৯৮৫

৩. “ভাৰতীয় পেনোৰামা” লৈ নিৰ্বাচিত ছবি

৪. ফাণ্সৰ নেন্টিচ চলচিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত

৫. উত্তৰ কোৰিয়াৰ প্যংয়াং চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত

৬. বাংলাদেশৰ ঢাকা চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত

৭. আলজেৰিয়াৰ স্বাধীনতা ৰূপালী জয়ন্তী মহোৎসৱলৈ নিৰ্বাচিত।

"অন্তৰীপ" উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি "অগ্নিস্নান"- 3

স্বামী-স্ত্ৰী ৰ মাজৰ সাংসাৰিক কিছু পৰিস্থিতিৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন। প্ৰথম পত্নী থকা অৱস্থাত যেতিয়া স্বামীয়ে দ্বিতীয় এগৰাকীক বিবাহৰ যো-জা কৰে তেতিয়া প্ৰথমা পত্নীৰ মনোৎস্তাত্বিক অৱস্থা কেনে হ’ব পাৰে তাকেই প্ৰতিফলিত কৰা হৈছে উক্ত ছবিখনত। ছবিখনত অভিনয় কৰিছে ইন্দ্ৰ বণিয়া, কাশ্মিৰী শইকীয়া বৰুৱা, চেতনা দাস, অশোক ডেকা, মলয়া গোস্বামী, অৰ্জুন গুহ ঠাকুৰীয়া, অৰুণ নাথ, বিজু ফুকন আৰু সঞ্জীৱ হাজৰিকাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform