Rupaliparda.com
ককাক-নাতিয়েকৰ যুঁটি আৰু সৰল প্ৰেম-কাহিনীৰে "ককাদেউতা, নাতি আৰু হাতী"- 1

ককাক-নাতিয়েকৰ যুঁটি আৰু সৰল প্ৰেম-কাহিনীৰে “ককাদেউতা, নাতি আৰু হাতী”-

নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া জনপ্ৰিয় ছবি হৈছে “ককাদেউতা, নাতি আৰু হাতী”। ককাক আৰু নাতিয়েকৰ যুঁটি তথা কিছু অংশ প্ৰেমৰ কাহিনীৰে নিৰ্মান কৰা হৈছিল এই ছবিখন।

ককাক-নাতিয়েকৰ যুঁটি আৰু সৰল প্ৰেম-কাহিনীৰে "ককাদেউতা, নাতি আৰু হাতী"- 2


সৰুৰ পৰাই ককাকৰ সৈতে উমলি যেতিয়া ডাঙৰ হোৱাত নাতিয়েকে ককাকৰ অমতত বিবাহ পাশত আৱদ্ধ হ’বলৈ বিচাৰে তেতিয়াই গৃহ কন্দলৰ সৃষ্টি হয় আৰু সেই কন্দলৰ মাজতে ককাকে নিজৰ বোৱাৰীয়েকক আৰু নাতিয়েকে নিজৰ মাতৃক হেৰুওৱাব লগীয়া হয়। ছবিখনত “হাতী” টোৱেও মূখ্য ভূমিকা ৰূপায়ন কৰা দেখিবলৈ পোৱা যায়।

ককাক-নাতিয়েকৰ যুঁটি আৰু সৰল প্ৰেম-কাহিনীৰে "ককাদেউতা, নাতি আৰু হাতী"- 3


“ককাদেউতা নাতি আৰু হাতি” ছবিখনত অভিনয় কৰিছে নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, ৰঞ্জনা শৰ্মা, বীণা হাজৰিকা, মাষ্টাৰ হেমন্ত, বেবী নন্দিনী, নিবেদিতা বৰুৱা, জীতেন শৰ্ম্মা, নিৰুপমা বৰুৱা, কমল বৰা, দুৰ্গেশ্বৰ শইকীয়া, ৰাজেন শৰ্ম্মা আৰু দুৰ্গেশ্বৰ বৰঠাকুৰে।

Add comment

Leave a Reply