Rupaliparda.com
উগ্ৰপন্থীৰ হিংসাত্মক কাহিনীৰে "এখন নেদেখা নদীৰ সিপাৰে"- 1

উগ্ৰপন্থীৰ হিংসাত্মক কাহিনীৰে “এখন নেদেখা নদীৰ সিপাৰে”-

মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান বিদ্যু্ৎ কটকীৰ পৰিচালনাৰে ২০১২ চনত মুক্তি পাইছিল এখন অসমীয়া ছবি “এখন নেদেখা নদীৰ সিপাৰে”। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে অসম ৰাজ্যিক চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ কাহিনীৰ খিতাপ লাভ কৰে।

উগ্ৰপন্থীৰ হিংসাত্মক কাহিনীৰে "এখন নেদেখা নদীৰ সিপাৰে"- 2


৯০ মিনিট দৈৰ্ঘ্যৰ উক্ত ছবিখনত নব্বৈ দশকত মাজুলী কেনেদৰে উগ্ৰপন্থীৰ আগ্ৰাসনত আহিছিল তাকেই চিত্ৰিত কৰা হৈছিল। ১৯৯৭ চনত এগৰাকী সমাজকৰ্মী “সঞ্জয় ঘোষ” ক অপহৰণ কৰি উগ্ৰপন্থীয়ে কৰা হত্যাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে “এখন নেদেখা নদীৰ সিপাৰে”।

উগ্ৰপন্থীৰ হিংসাত্মক কাহিনীৰে "এখন নেদেখা নদীৰ সিপাৰে"- 3


২০১০ চনত এই ছবিখনৰ বাবে ড° ভূপেন হাজৰিকা এটি কবিতা আবৃত্তি কৰি থৈ গৈছিল। ছবিখনত অভিনয় কৰিছিল ভিক্টৰ বেনাৰ্জী,সঞ্জয় চুৰী, বিদিতা বাগ, ৰাজ জুটছী, নকুল বৈদ আৰু নৱীদ আছলামে। ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.