বৰ্তমান সংগীত ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে বিদ্যু্ৎ বিকাশ। নিজৰ শব্দৰ পুংখানুপুংখ বিশ্লেষণেৰে গীতসমূহ উপভোগ্য কৰি তোলাৰ লগতে গীতত কন্ঠদান কৰিও জনপ্ৰিয় হৈ পৰিছে এই গৰাকী শিল্পী। নৱ প্ৰজন্মৰ কন্ঠশিল্পীৰ প্ৰায় গীত; যিবোৰ বৰ্তমানেও দৰ্শকৰ টপ লিষ্টত এক স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে,সেই গীত সমূহৰ প্ৰায়বোৰৰেই শব্দ হৈছে বিদ্যুৎ বিকাশৰ।

এই গৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৱান শিল্পীক ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি লৈ আনিছো আপোনালোকৰ মাজলৈ। তেওঁৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত আমি পাতিছিলো কিছু কথা। চাওঁচোন আহকঃ
প্ৰশ্নঃ তুমি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

বিদ্যুৎ বিকাশঃ সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিলো লগতে ঘৰতো এক সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিলো। এতিয়া, ভালদৰে এই ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈছো বুলি ক’লে মই ক’ব লাগিব ২০১২ চনৰ পৰা বুলিহে। সেইটো সময়তে ৰং চেনেলত “ঝংকাৰ” নামে এটা অসমীয়া সংগীতৰ ৰিয়েলিটী শ্ব’ হৈছিল। তাত বিচাৰক হিচাপে আছিল বৰ্ণালী বা, নিৰ্মালী বা আৰু জে.পি.দাস ছাৰ।
শ্ব’টোত মই “ফাইনেলিষ্ট” হ’বলৈ সক্ষম হৈছিলো। গতিকে সেই শ্ব’টোৰ পৰাই মই বহু কেইজন লোকৰ সৈতে চিনাকী হ’লো। ইয়াৰ লগতে, মোৰ অধ্যয়নৰত কলেজ বি.বৰুৱা মহাবিদ্যালয়তো অনুষ্ঠিত হোৱা অনুষ্ঠানৰ দ্বাৰা বিভিন্ন ব্যক্তিৰ সৈতে চা-চিনাকী হোৱাৰ সুবিধা লাভ কৰিছিলো। লগতে, মোৰ সংগীতৰ প্ৰথমজন গুৰু হৈছে দিগন্ত ভাৰতী ছাৰ; তেওঁৰ তত্ত্বাৱধানত বহুখিনি কাম কৰিছো বা বৰ্তমানেও তেওঁৰ সৈতেই বহুখিনি কামত জড়িত হৈ আছো।
প্ৰশ্নঃ প্ৰথমবাৰ মঞ্চত গীত পৰিৱেশন কৰি কি পুৰস্কাৰ লাভ কৰিছিলা মনত আছেনে??

বিদ্যুৎঃ প্ৰথমবাৰ মঞ্চত মই গীত পৰিৱেশন কৰি মই পাইছিলো ৩০ টকা। মোৰ গাওঁ “শান্তিপুৰ” নামে ঠাইখনত সৰুকৈ এটা অনুষ্ঠান হৈছিল; য’ত মই হাৰমনিয়ামটো লৈ জুবিন দাৰ “বৰষুণ-বৰষুণ” গীতটি গাইছিলো আৰু তেনেকৈ প্ৰায় ২-৩ টা গীত গাইছিলো।
গীত কেইটি পৰিৱেশন কৰাৰ পিছত মোক বৰঙণি হিচাপে তেওঁলোকে ৩০ টকা দিছিল। আছলতে, তেতিয়াৰ ৩০ টকাটো মোৰ বাবে সাহস আছিল।
তাৰ পিছত, মোক বহু কেইখন অনুষ্ঠানত গীত পৰিৱেশন কৰোৱাইছিল। আমাৰ ওচৰ-চুবুৰীয়া অঞ্চলতো অনুষ্ঠান হ’লেই মই যাওঁ। প্ৰথম অৱস্থাত, টিউবেৰে হাৰমনিয়াম চাইকেলত বান্ধি গীত পৰিৱেশন কৰিবলৈ যোৱাৰ কথা এতিয়াও মনত পৰে।
প্ৰশ্নঃ তোমাৰ অসমীয়া কোন গৰাকী কন্ঠশিল্পীৰ সৈতে একেলগে গীত পৰিৱেশন কৰা ইচ্ছা?

বিদ্যুৎঃ এইটো প্ৰশ্নৰ যদি মই একেষাৰেই উত্তৰ দিওঁ তেতিয়াহ’লে মই নাম ল’ম আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ। তেওঁক অত্যন্ত ভাল পাওঁ আৰু তেখেতৰ গীতসমূহৰ দ্বাৰা এই ক্ষেত্ৰখনত আগুৱাই যোৱাৰো প্ৰেৰণা লাভ কৰিছো। গতিকে, তেওঁৰ লগত একেখন মঞ্চতেই হওঁক নাইবা ব্যক্তিগত ভাৱে ষ্টুডিঅ’তেই হওঁক; এটা গীত পৰিৱেশন কৰা ইচ্ছা আছে।
প্ৰশ্নঃ তোমাৰ জোকোৱা নাম কিবা আছেনে?? সৰুতে কি বুলি জোকাইছিল বাৰু?

বিদ্যুৎ বিকাশঃ জুকোৱা নাম বৰ বিশেষ তেনেকুৱা নাই কিন্তু সৰুতে সকলোৱে মোক “নিগনি” বুলি জোকাইছিল। হা হা হা…… বহুত বেছি খীণ আছিলো বাবেই এনেকৈ জোকাইছিল।
প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।
বিদ্যুৎঃ মই বিহুৰ সময়ত যোৱা দুটা বছৰে “চেংনৈ” নামৰ এটা এলবাম কৰি আহিছো। এইবাৰো “চেংনৈ” ৰ তৃতীয়টো সংস্কৰণ ওলাব আৰু ইয়াত নতুনকৈ মোৰ তিনিটা বিহুসুৰীয়া গীত আৰু ১০ টা ঢোলৰ বিহুও মুক্তি কৰিব। ইয়াৰ লগতে কিছু গীতৰ লিখা কাম বোৰ আছে। চাওঁচোন কিমান দূৰ সম্ভৱ; কৰি যাবলৈ চেষ্টা কৰিম।

…ধন্যবাদ বিদ্যুৎ। তোমাৰ আগন্তুক কাম সমূহৰ বাবে তোমাক সমূহ ৰূপালীপৰ্দাৰ কৰ্মকতাৰ ফালৰ পৰা শুভকামনা জনাইছো।
বিদ্যুৎঃ ধন্যবাদ।
Add comment