Rupaliparda.com

অভিনয় নহয়; এইবাৰ “ক্লাচিকেল ডেন্সে”ৰে হৃদয় জিনিলে দৰ্শকৰঃ

সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ হয়টো অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ,মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী।

অভিনয় নহয়; এইবাৰ "ক্লাচিকেল ডেন্সে"ৰে হৃদয় জিনিলে দৰ্শকৰঃ 1
অভিনয় নহয়; এইবাৰ "ক্লাচিকেল ডেন্সে"ৰে হৃদয় জিনিলে দৰ্শকৰঃ 2

এনে পৰিপ্ৰেক্ষিততে, তেওঁৰ নৃত্যৰ ভিডিঅ’ এটিয়ে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। “চেমি-ক্লাছিকেল” ও “কথক” ৰ মিশ্ৰণেৰে তেওঁ এটি নৃত্য প্ৰদৰ্শনেৰে ইনষ্টাগ্ৰামত আপলোড কৰা ভিডিঅ’টিয়ে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। অনিন্দিতা পল আৰু জুবিন গাৰ্গৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “শুভ্ৰ বলকাৰ” শীৰ্ষক গীতটিত নৃত্য কৰে অভিনেত্ৰী সুনীতা কৌশিক। চাওঁক এই ভিডিঅ’-

https://www.instagram.com/p/B6se7iJFIiB/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.