২০১৯ বৰ্ষটো পূৰ্ণ হ’বলৈ মাজত মাত্ৰ বাকী কেইটামান ঘণ্টা। নতুন বছৰটোক আদৰাৰ প্ৰস্তুতিত বৰ্তমান ব্যস্ত হৈ পৰিছে সাধাৰণ জনতাৰ লগতে চিলেব্ৰেটী সমূহো। নতুন বৰ্ষটোক আদৰাৰ উদ্দেশ্যেই বৰ্তমান নিজ নিজ ভাল লগা ঠাইসমূহত উপস্থিত হৈছে বহু চিলেব্ৰেটী।

অনুষ্কা শৰ্মা, বিৰাট কোহলী, বৰুণ ধৱন তথা তেওঁৰ গাৰ্লফ্ৰেণ্ড নতাশা দলাল, কৰীণা কাপুৰ খান, ছেইফ আলি খান, কৰিশ্মা কাপুৰে আদিয়ে ইতিমধ্যে ছুইজাৰলেণ্ডলৈ ধাৱমান হৈছে আৰু আনহাতে, অনিল কাপুৰৰ লগতে তেওঁৰ পৰিয়াল উপস্থিত হৈছে ৰোম আৰু ইটলীত।
এনে পৰিপ্ৰেক্ষিত্ৰতে, অক্ষয় কুমাৰ উপস্থিত হৈছে দক্ষিণ আফ্ৰিকাত। তাত উপস্থিত হৈয়ে অভিনেতা গৰাকীয়ে আপলোড কৰা এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। উক্ত ভিডিঅ’টোত তেওঁ সমূদ্ৰ পাৰত থিয় হৈ তেওঁৰ অলপতে মুক্তিপ্ৰাপ্ত ছবি “গুড ন্যুজ”ৰ এটি গীত গুণগুণাইছে।
1 comment