Rupaliparda.com
দৰ্শকৰ বাবে পুনৰ বাৰ "বৈদেহী"- 1

দৰ্শকৰ বাবে পুনৰ বাৰ “বৈদেহী”-

২০১৭ চনত সম্প্ৰচাৰিত ধাৰাবাহিক “বৈহেদী” ক পুনৰ বাৰ চোৱাৰ সুবিধা লাভ কৰিব দৰ্শকে। ৰং চেনেল যোগে সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ সেইটো সময়ত জনপ্ৰিয়তা আছিল লেখত ল’বলগীয়া। সমান্তৰালকৈ, ধাৰাবাহিকখনৰ টি.আৰ.পি ও আছিল মন কৰিবলগীয়া।

দৰ্শকৰ বাবে পুনৰ বাৰ "বৈদেহী"- 2


“বৈদেহী” ধাৰাবাহিকখনৰ যোগেৰেই অভিনয় ক্ষেত্ৰত খনত প্ৰথমবাৰৰ বাবে খোজ দিছিল বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই। নাৰী কেন্দ্ৰিক বিভিন্ন সংগ্ৰাম কাহিনীৰে নিৰ্মাণ কৰা হৈছিল “বৈদেহী”। ধাৰাবাহিকখনৰ জনপ্ৰিয়তাক কেন্দ্ৰ কৰিয়েই পুনৰ বাৰৰ বাবে সম্প্ৰচাৰিত কৰা হ’ব ধাৰাবাহিকখন।


চলিত মাহৰ ১৩ জানুৱাৰীৰ পৰা দুপৰীয়া ২.৩০ বজাত আৰু সন্ধিয়া ৭.৩০ বজাত সম্প্ৰচাৰ কৰা হ’ব এই ধাৰাবাহিকখন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.