পৰিচালক মোহিত সুৰীয়ে আজিৰ পৰা প্ৰায় ৫ বছৰ পূৰ্বে সিদ্ধাৰ্থ মালোহোত্ৰা, ৰিতেশ দেশমুখ লগতে শ্ৰদ্ধা কাপুৰৰ সৈতে লগ হৈ “এক ভিলেইন” ছবিখন নিৰ্মাণ কৰিছিল। সেইটো সময়ত এই ছবিখনে বহুল হাৰত জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ পিছতেই, আকৌ এবাৰ এই ছবিখনৰ দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ “এক ভিলেইন ২” ৰ নিৰ্মাণৰ প্ৰস্তুতি কৰা হৈছে।


এই ছবিখনৰ বাবে ইতিমধ্যে জন আব্ৰাহাম আৰু আদিত্য ৰয় কাপুৰক কাষ্ট কৰি লোৱা হৈছে। উল্লেখ্য যে, “এক ভিলেইন ২” ছবিখন পূৰ্বৰ ছবিখনৰ চিকুৱেল নহয়;ইয়াত থাকিব এটা কাহিনী। এটা গভীৰ প্ৰেম কাহিনী থকা এই ছবিখনৰ বাবে মূখ্য অভিনেত্ৰীৰ বিচাৰ কৰা হৈছে। উল্লেখ্য যে,ছবিখনৰ কাহিনী ভাগ শুনাৰ পিছতেই এই ছবিখন গ্ৰহণ কৰি লয় অভিনেতা জন আব্ৰাহাম আৰু আদিত্য ৰয় কাপুৰে।
1 comment