কিছুদিন পূৰ্বে “নেপোটিজিম” ক উদ্দেশ্যি সিদ্ধান্ত চতূৰ্বেদীয়ে অনন্যা পাণ্ডেক দিয়া মন্তব্যই চচিয়েল মিডিয়াত মিমৰ সৃষ্টি কৰিছে। এতিয়া আকৌ, সিদ্ধান্তক দীপিকা পাডুকনৰ সৈতে একেখন ছবিত কাষ্ট কৰা হৈছে। অভিনেত্ৰী দীপিকাৰ সৈতে কাষ্ট কৰাৰ ফলত সিদ্ধান্তক চচিয়েল মিডিয়াত কিছু লোকে হত্যাৰ ভাবুকি প্ৰদান কৰে।

অভিনেতা গৰাকীক দিয়া এই ভাবুকিত তেওঁ এক সুন্দৰ উত্তৰ দিয়ে;। যি উত্তৰে বৰ্তমান প্ৰত্যেকজন দৰ্শকক অভিনেতা গৰাকীৰ অনুৰাগী কৰি তুলিছে। চচিয়েল মিডিয়াত সিদ্ধান্তক কোনো এজনে কয় যে, “ভাই, মই তোৰ হত্যা কৰি দিম এতিয়া। তই দীপিকাৰ সৈতে ৰোমাঞ্চ কৰাৰ সুবিধা পাইছ”।

ইয়াৰ উত্তৰত সিদ্ধান্তে কয় যে, “ঠিক আছে, এতিয়া কি কৰিব পাৰো। এবাৰ ৰোমাঞ্চ কৰি লওঁ, তাৰ পিছত তই মোক মাৰি দিবি।”
Add comment