Rupaliparda.com
তথাকথিত চৰকাৰৰ জনসাধাৰণক দিয়া মিছা প্ৰতিশ্ৰুতিৰ কাহিনীৰে "পানী"- 1

তথাকথিত চৰকাৰৰ জনসাধাৰণক দিয়া মিছা প্ৰতিশ্ৰুতিৰ কাহিনীৰে “পানী”-

সমসাময়িক সামাজিক-ৰাজনৈতিক পটভূমিত নিৰ্মিত এখন অসমীয়া ছবি হৈছে “পানী”। যদুমণি দত্তৰ পৰিচালনাত নিৰ্মিত এই ছবিখন দীপক কুমাৰ গগৈৰ এখন একাংকিকা নাটকৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল।

তথাকথিত চৰকাৰৰ জনসাধাৰণক দিয়া মিছা প্ৰতিশ্ৰুতিৰ কাহিনীৰে "পানী"- 2

চৰকাৰে সাধাৰণ ৰাইজক কৰা উপলুঙা সমূহৰ ভিত্তিত নিৰ্মিত এই ছবিখনত চৰকাৰে দিয়া কিছু মিছা প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰা হৈছে। ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, আইমী বৰুৱা, হিমাংশু প্ৰসাদ দাস, আশা বৰদলৈ, স্পন্দন, অতুল পাচনি আৰু পবিত্ৰ বৰুৱাই।

“পানী” ছবিখন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত কৰা হয়। সেইকেইটা হৈছে ক্ৰমেঃ

১. উনবিংশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০-১৭ নৱেম্বৰ, ২০১৩) প্ৰদৰ্শিত

২. দ্বিতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২১২৭ ডিচেম্বৰ, ২০১৩) প্ৰদৰ্শিত

৩. ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০-১৮ জানুৱাৰী, ২০১৪) প্ৰদৰ্শিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform