নিজান ঠাইলৈ গৈ নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰাৰ ইচ্ছা অসমীয়া জনপ্ৰিয় অভিনেতা জয় কাশ্যপৰ। মন বেয়া লাগিলে ঠিক তেনেদৰে পাহাৰৰ উচ্চতালৈ বগাই নিজ ইচ্ছাৰে ড্ৰাম বজোৱাৰ ইচ্ছা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।
প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকাএই গৰাকী অভিনেতাই নিজৰ বিভিন্ন পোষ্টৰ জৰিয়তে দৰ্শকক আকৰ্ষিত কৰি ৰখা দেখিবলৈ পোৱা যায়। অভিনয়ৰ লগতে বাদ্যযন্ত্ৰত দিয়া সুৰৰ দ্বাৰাও দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে অভিনেতা গৰাকীয়ে।

জয় কাশ্যপক যোৱাটো বছৰত বৰষা ৰাণী বিষয়াৰ সৈতে ৰং চেনেলত প্ৰচাৰিত ধাৰাবাহিক “কাঞ্চন” ত দেখিবলৈ পোৱা গৈছিল।
Add comment