Rupaliparda.com
"শ্বুটিঙৰ সময়ছোৱাত অধিক সংলাপ পাহৰে অক্ষয়ে"- ৰোহিট ছেট্টী 1

“শ্বুটিঙৰ সময়ছোৱাত অধিক সংলাপ পাহৰে অক্ষয়ে”- ৰোহিট ছেট্টী

পৰিচালক ৰোহিট ছেট্টীৰ আগন্তুক ছবি “সূৰ্য়বংশী” য়ে প্ৰত্যেক দিনাই চৰ্চা লাভ কৰি আহিছে। ছবিখনত অক্ষয় কুমাৰে অভিনয় কৰি পুনৰ বাৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অক্ষয়ৰ সৈতে ছবিখনত কেটৰিণা কাইফকো দেখিবলৈ পোৱা যাব। উল্লেখ্য যে,কিছুদিন পূৰ্বে অজয় দেৱগণে এক ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত ৰণৱীৰ সিং, অজয় দেৱগণ আৰু অক্ষয় কুমাৰক একেলগে “সূৰ্য়বংশী” ত দেখিবলৈ পোৱা যায়।

"শ্বুটিঙৰ সময়ছোৱাত অধিক সংলাপ পাহৰে অক্ষয়ে"- ৰোহিট ছেট্টী 2


ছবিখনৰ মুক্তিৰ তাৰিখ বৰ্তমানেও সমুখলৈ আহা নাই যদিও ৰোহিট ছেট্টীয়ে নিজৰ শ্বুটিংৰ পৰাই এক গুৰুত্বপূূৰ্ণ কথা ব্যক্ত কৰে। পৰিচালক ৰোহিট ছেট্টীক যেতিয়া সোধা হৈছিল যে কোন গৰাকী তাৰকাই নিজৰ সংলাপ সমূহ পাহৰি যায় তেতিয়া তেওঁ অক্ষয় কুমাৰৰ নাম লৈছিল।

"শ্বুটিঙৰ সময়ছোৱাত অধিক সংলাপ পাহৰে অক্ষয়ে"- ৰোহিট ছেট্টী 3


ৰোহিট ছেট্টীয়ে কয় যে, “আমি যেতিয়া হায়দৰাবাদত আমাৰ শেষৰটো শ্বুটিং চিড্যুল শেষ কৰি আছিলো তেতিয়া তেওঁ কৈছিল যে, “মোৰ নাম কি?? সূৰ্য়ৱংশী”। অক্ষয় কুমাৰে প্ৰায় প্ৰত্যেকটো বস্তুৱে পাহৰি থাকে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform