অসমীয়া সংগীত ক্ষেত্ৰখনত বিগত ৩০ টা বছৰৰ পৰা দিগন্ত ভাৰতীয়ে বিভিন্নব অৱদান আগবঢ়াইছে। একাধাৰে কন্ঠশিল্পী, লিখক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ এই ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰিয়েই তেওঁৰ ন-পূৰণি শিক্ষাৰ্থীয়ে যোৱা ৪ তাৰিখে আয়োজন কৰিছিল এখন সংগীত প্ৰতিযোগিতাৰ; “গানৰ দিন” নামেৰে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছিল।

তেওঁৰ গীতৰ ওপৰতেই আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতাখনৰ। উক্ত প্ৰতিযোগিতাখনৰ সৈতে সংগতি ৰাখিয়ে এখন সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে;এই সংগীতানুষ্ঠান খন অহা চলিত মাহৰ ৯ তাৰিখে গুৱাহাটীস্থিত ৰাজ্যিক পুথিভঁৰালত অনুষ্ঠিত হ’ব।
Add comment