আহি আছে আচুৰ্য্য বৰপাত্ৰৰ ২০২০ বৰ্ষৰ “তৰালি” এলবামটি। উক্ত এলবামটিয়ে বিগত দুটা বৰ্ষত শ্ৰোতাক আকৰ্ষিত কৰি ৰাখিছিল। এক কথাত ক’বলৈ গ’লে, আচুৰ্য্য বৰপাত্ৰ প্ৰায় সকলো গীতেই জনপ্ৰিয় ও উপভোগ্য। ইয়াৰ তুলনাত, তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট।
এনে পৰিপ্ৰেক্ষিততে, তেওঁৰ কন্ঠত আহিবলগীয়া গীতসমূহৰ বাবে আচুৰ্য্যৰ লগতে অপেক্ষা কৰি ৰয় শ্ৰোতা সকলেও। উক্ত “তৰালি” এলবামটিৰ ২০২০ সংস্কৰণটোত অন্তৰ্ভূক্ত গীত “বেয়া পালা নেকি??” য়ে মুক্তি লাভ কৰিব আজি অৰ্থাৎ জানুৱাৰী ৮ তাৰিখে।

“বেয়া পালা নেকি?” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত দিছে আচুৰ্য্য বৰপাত্ৰই। লগতে, গীতটি লিখিছে সুনীত গগৈয়ে আৰু ইয়াত শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।
Add comment