নাৰী সৱলীকৰণ বিষয়টোক কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া “প্ৰতিঘাত” ছবিখনে চিত্ৰগৃহ সমূহত মুক্তি লাভ কৰিছিল বিগত ২০১৯ বৰ্ষৰ ৬ ডিচেম্বৰ তাৰিখে। অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে।

কিন্তু, যোৱা কিছু দিনৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে ধৰি বিভিন্ন ঠাইত চলি থকা “কা” বিৰোধী প্ৰতিবাদৰ ফলত ছবিখন উপভোগ কৰাৰ সুবিধা লাভ নকৰিলে চলচিত্ৰ প্ৰেমী ৰাইজে। ইয়াৰ ফলতেই ছবিখন পুনৰ বাৰ ৰাইজৰ মাজলৈ অনাৰ পৰিকল্পনা কৰিছে “প্ৰতিঘাত” ৰ সমূহ কলা-কুশলীয়ে।

অমৃতাৰ লগতে এই ছবিখনত অভিনয় কৰিছে দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা, জলী লস্কৰ আৰু আশ্ৰামিকা শইকীয়াই।
Add comment