Rupaliparda.com
গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ 1

গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ

আগন্তুক ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডকলৈ উৎসাহিত হৈ আছে অসমবাসী। বলীউডৰ সবাতোকৈ বৃহৎ এৱাৰ্ড শ্ব’ অনুষ্ঠিত কৰা হ’ব গুৱাহাটীৰ আমিনগাওঁ স্থিত ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত( বৰ্তমানলৈ স্পষ্ট নাই হোৱা) অহা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে। জনপ্ৰিয় তাৰকা-পৰিচালকৰ আগমনেৰে জিলিকিব গুৱাহাটী মহানগৰী।

গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ 2


২০-৩০ কোটি টকীয়া বাজেটৰ উক্ত শ্ব’টো হোষ্ট কৰিব বলীউডৰ কিং শ্বাহৰুখ খানে। বস্ক অফিচ ৱৰ্ল্ড ৱাইডৰ ৰিপোৰ্ট অনুসৰি, কিং শ্বাহৰুখৰ সৈতে এইবাৰৰ ফিল্মফেয়াৰ এৱাৰ্ড হোষ্ট কৰিব বিকি কৌশলে।

গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডৰ হোষ্ট কিং খানঃ 3


যোৱা ২০১৯ বৰ্ষৰ ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু দ্যা টাইমছ গ্ৰুপৰ মাজত চুক্তি সাক্ষৰ হয়।

Add comment

Leave a Reply