মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল।

ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা।

“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। উক্ত ছবিখনত সংযোজিত প্ৰায় প্ৰত্যেকটা গীত বৰ্তমানেও জনপ্ৰিয়।
Add comment