Rupaliparda.com
দীপলিনাৰ নৱবৰ্ষক আদৰণি "দলিচা" ৰে- 1

দীপলিনাৰ নৱবৰ্ষক আদৰণি “দলিচা” ৰে-

এনে বহু লোক আছে যিয়ে দীপলিনাৰ কন্ঠৰ এটি গীতৰ বাবে অপেক্ষা কৰি ৰয়। তেওঁৰ লগতে তেওঁৰ ব্যক্তিত্ব তথা তেওঁৰ কন্ঠৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সেইবাবেই হয়টো তেওঁৰ গীতৰ মুক্তিয়ে উৎসাহিত কৰি ৰাখে সকলোকেই। এনে ক্ষেত্ৰত; নৱবৰ্ষৰ আৰম্ভণিতেই যদি দীপলিনাৰ কন্ঠৰে এটি গীত শুনিবলৈ পোৱা যায় তেন্তে, অনুৰাগীৰ বাবে ইয়াতকৈ সুন্দৰ আৰু কি হ’ব পাৰে!

দীপলিনাৰ নৱবৰ্ষক আদৰণি "দলিচা" ৰে- 2


২০২০ চনৰ প্ৰথম ভাগতেই মুক্তিপ্ৰাপ্ত বিহুসুৰীয়া গীত সমূহৰ ভিতৰত অন্তৰ্ভূক্ত হৈ পৰিছে দীপলিনাৰ কন্ঠৰে “দলিচা”। কিছু সময় পূৰ্বে ইউটিউবত মুক্তিপ্ৰাপ্ত গীতটিৰ “লিৰিকেল ভিডি’অ” টোতেই ভিউৱাৰচ সংখ্যা হৈছে প্ৰায় ১৬ হাজাৰতকৈও অধিক।

https://www.instagram.com/p/B6qmMV5hZZ9/?utm_source=ig_web_copy_link

“দলিচা” গীতটি লিখাৰ লগতে ইয়াত সুৰ দিছে ক্ৰমে চিন্ময় কৌশিক আৰু জয় নিৰ্বাণে। গীতটিত সংগীত পলাশ গগৈৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.