একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু ছবি পৰিচালক ভৱেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ প্ৰায় সকলোবোৰ কৰ্মৰাজিক এৰি যদি আমি কেৱল বোলছবি নিৰ্মাণৰ বিষয়ে ক’বলৈ যাওঁ তেনেহ’লে এক কথাত ক’ব লাগিব যে ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত প্ৰায় প্ৰত্যেকখন ছবিয়ে লাভ কৰিছে ৰজত কমল বঁটা।

১৯৭৬ চনত ভৱেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত “অসম উপত্যকা সাহিত্য বঁটা” ৰ লগতে “পদ্মশ্ৰী” বঁটাও লাভ কৰে। কেইবাখনো ৰেডিঅ’ নাট, একাংকিকা নাট তথা ভ্ৰাম্যমাণ মঞ্চৰ বাবে একাধিক নাটক ৰচনা কৰা এইগৰাকী মহান ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে অসমীয়া চলচিত্ৰ জগতত অৰ্থবহ ছবিৰ শুভাৰম্ভ কৰে।

তেওঁৰ দ্বাৰা নিৰ্মিত ছবি সমূহৰ প্ৰায় বোৰেই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেওঁ নিজৰ ছবিসমূহত প্ৰায়ে সংলাপৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি সমালোচক সকলে ব্যক্ত কৰে। ভবেন্দ্ৰ নাথ শইকীয়াই অসমীয়াৰ লগতে এখন হিন্দী ছবি “কালসন্ধ্যা” ৰো নিৰ্মাণ কৰে;যিখন “ইন্টাৰনেশ্বনেল ফিল্ম অৱ ইণ্ডিয়া” ত প্ৰদৰ্শিত কৰা হয়।
Add comment