সংস্কৃতিৰ বান্ধোনেৰে বান্ধ খাই থকা মাজুলীত এইবাৰ অনুষ্ঠিত কৰা হৈছে “মনগীত ফেষ্টিভেল”। যোৱা ১৩ জানুৱাৰী তাৰিখৰ পৰা আজিলৈ অৰ্থাৎ ১৫ জানুৱাৰী তাৰিখলৈ মুঠ ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই ফেষ্টিভেল খন। কৌশিক নাথে তেওঁৰ পুত্ৰ স্মৃতিত অনুষ্ঠিত কৰিছে উক্ত ফেষ্টিভেলখন।

একাংশ উদীয়মান কন্ঠশিল্পীক সংগীত ক্ষেত্ৰখনত আগবঢ়াই নিবলৈ এই অনুষ্ঠান খনৰ আয়োজন কৰা হৈছে। “মনগীত” অনুষ্ঠান খনৰ মূল লক্ষ্যই হৈছে অসমীয়া যি সমূহ গীতে শ্ৰোতাৰ হৃদয় চুই যায় সেইসমূহ গীত তথা তাৰ কন্ঠশিল্পীক এখন মঞ্চ প্ৰদান কৰি জনসাধাৰণৰ আগত চিনাকী কৰাই দিয়া। এনে কন্ঠশিল্পী সমূহক তথা সংগীত অনুৰাগী সকলক অনুপ্ৰাণিত কৰাৰ অৰ্থে আয়োজন কৰা হৈছে “মনগীত”।

“মনগীত” ৰ সৈতে জড়িত হৈ আছে কেইবাগৰাকীও সংগীতশিল্পী আৰু অভিনেতা ক্ৰমে অভিনেতা আদিল হুছেইন, অনুৰাগ শইকীয়া, জয় বৰুৱা, কল্যাণ বৰুৱা তথা ধ্ৰুৱ জ্যোতি ফুকন আদি কৰি আৰু বহুতো।

“মনগীত” ৰ পেজ যোগে নৱপ্ৰজন্মৰ শিল্পীৰ ফালৰ পৰা গীতৰ আৱেদন কৰা হৈছিল আৰু তাৰ ১৪০ টা গীতৰ ভিতৰত বাচি লোৱা হৈছিল মুঠ ৩০ টা গীত। গীত সমূহৰ আঁৰৰ ৩০ জন শিল্পীক বাচি লৈ কৰ্মশালা দিয়া হৈছে ;য’ত গীত লিখাৰ পৰা আদি কৰি কন্ঠদান কৰালৈ বিভিন্ন বস্তুৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে।
Add comment