“Wonders Sisters” বৰ্তমান ব্যস্ত তেওঁলোকৰ আহিবলগীয়া বিহু গীতক লৈ। ৰূপাংক্ৰিতা-অলংক্ৰিতাৰ গীতসমূহে আছলতে শ্ৰোতাক পূৰ্বৰ পৰাই আকৰ্ষিত কৰি ৰাখিছে। সেইবাবেই হয়তো, তেওঁলোকৰ গীতৰ মুক্তিয়ে “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ লগতে উৎসাহিত কৰি ৰাখে শ্ৰোতা সকলকো। বিগত বৰ্ষতে মুক্তিপ্ৰাপ্ত “চেৰেক চেৰেক” তথা “বাবৰি বাবৰি” সফলতাৰ পিছত এইবাৰ ৰূপাংক্ৰিতা-অলংক্ৰিতাৰ কন্ঠৰে শ্ৰোতাই শুনিবলৈ পাব এটি থলুৱা বিহু গীত।

ইতিমধ্যে গীতটিক উদ্দেশ্যি কৰা বিভিন্ন ধৰণৰ পোষ্ট কৰিছে দুই ভগ্নীয়ে। “বহাগী ২০২০” ত উক্ত দুই ভগ্নীৰ সৈতে দেখিবলৈ পোৱা যাব কেইবাখনো জনপ্ৰিয় মুখ। অনন্যা কাশ্যপ, চুমি বৰা আদিকো দেখিবলৈ পোৱা যাব “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ সৈতে।
Add comment