অসমীয়া ফিচাৰ ছবিৰ সমান্তৰালকৈ সফলতাৰ যুঁজত আগবাঢ়িবলৈ সক্ষম হৈছে চুটি ছবি সমূহো। বাণিজ্যিক ভাৱে ফিচাৰ ফিল্ম সমূহ সফল হোৱাৰ লগতে সফলতাৰ সোঁৱাদ ল’বলৈ সক্ষম হৈছে চুটি ছবিসমূহো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীৰ দ্বাৰা নিৰ্মিত চুটি ছবি “I’m Good” -এ ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দৰ্শকৰ সমাদৰ।

বিগত বছৰত উক্ত ছবিখনে “Filmeraa International Film Festival” ত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰাৰ লগতে “Lift Off Global Network”, “12th International Guwahati Film Festival”, “2nd Nagaon International Film Festival”, “Brahmaputra Valley Film Festival” আৰু “Giff” ত এই ছবিখনে মনোনয়ন লাভ কৰিছিল।

পৰিচালক প্ৰণৱ ভৰালীৰ কাহিনী, চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে ইতিমধ্যে জনপ্ৰিয় হৈ উঠা নৱ প্ৰজন্মৰ অভিনেতা কমল লোচনে। ইয়াৰ মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱেও বৰ্তমান আকৰ্ষিত কৰি তুলিছে দৰ্শকক।
Add comment