চলিত মাহৰ ৯ ফেব্ৰুৱাৰী মুক্তি পাব বহু প্ৰত্যাশিত গীত “নয়না”। নৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় কেইবাগৰাকীও শিল্পীৰ প্ৰতিভাৰ সান-মিহলিৰে নিৰ্মিত এই গীতটিত শ্ৰোতাই সোঁৱাদ পাব নতুনত্বৰ।

ইতিমধ্যে গীতটিৰ ট্ৰেইলাৰে লাভ কৰিছে মুক্তি। “নয়না” ত কন্ঠদান কৰিছে অলপতে জনপ্ৰিয় হৈ উঠা “ৰেপাৰ” ও কন্ঠশিল্পী চয়নিকা বৈশ্য ওৰফে Synicah-এ। লগতে তেওঁৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে সুদীপ ৰঞ্জন মেধিয়ে। ইয়াৰ উপৰিও গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সুৰভি দাস আৰু ত্ৰিদীপ গগৈয়ে।
Add comment