বলীউড অভিনেত্ৰী ঋষা চড্ডা অভিনীত কেইবাখনো ছবি দৰ্শকে পচন্দ কৰিছে। কিছু দিন পূৰ্বে অশ্বিনী আয়াৰৰ পৰিচালনাৰে মুক্তিপ্ৰাপ্ত ছবি “পংগা” ত তেওঁ এগৰাকী কাবাডী কোচৰ চৰিত্ৰ ৰূপায়ন কৰিছিল; যাক পচন্দ কৰিছিল সকলো দৰ্শকে। ইয়াৰ পিছতেই, ঋষা চড্ডা মূখ্য চৰিত্ৰ ৰূপায়ন কৰা চাবলৈ আশা প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগী সকলে।

আচলতে, অনুৰাগীৰ এই ইচ্ছা তথা অপেক্ষাৰ বাবেই হয়তো ঋষা চড্ডাই টুইটাৰযোগে মুকলি কৰিছে তেওঁৰ আহিবলগীয়া ছবিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। উক্ত পোষ্টত অভিনেত্ৰী গৰাকীয়ে ছবিখনক লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও বহুতেই এই ছবিখনক লৈ উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।







Add comment