বি-টাউন অভিনেত্ৰী সমূহৰ মাজত সেইটো সময়ৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী আছিল উৰ্মিলা মাতোণ্ডকৰ। কমেডী নাইবা গহীন, মূখ্য নায়িকা অথবা ভিলেইন; সকলো চৰিত্ৰৰ দ্বাৰা দৰ্শকৰ হৃদয় জিনা এই গৰাকী অভিনেত্ৰীলৈ ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা। “চাউনা টাউন” ছবিখনৰ জনপ্ৰিয়তাতকৈ জনপ্ৰিয় হৈছিল উৰ্মিলাৰ অভিনীত “চাম্মা চাম্মা” আইটেম গীতটি।

ৰাম গোপাল বৰ্মাৰ দ্বাৰা পৰিচালিত ছবি মাসুম, জুদাই, সত্যা, ইণ্ডিয়ান, খুৱসুৰত, তেজাব, এক হসীনা থী, মেইনে গান্ধী কো নহী মাৰা তথা আগ ৰ দৰে কিছু ছবিৰ জনপ্ৰিয়তাই আছিল অভিনেত্ৰী গৰাকী অভিনয়ৰ সফলতা। কিন্তু, কোৱা হয় যে; ৰাম গোপাল বৰ্মাই তেওঁৰ সৈতে জড়িত হোৱাৰ পিছত কোনো তাৰকাক আৰু অইন পৰিচালকৰ সৈতে কাম কৰিবলৈ নিদিয়ে। এনেক্ষেত্ৰতে উৰ্মিলাইও অইন পৰিচালকৰ দ্বাৰা কাম পোৱাতো টান হৈ পৰিছিল।


অৱশেষত,যেতিয়া অভিনেত্ৰী গৰাকীৰ ৰাম গোপালৰ লগত কিছু মতভেদ আৰম্ভ হ’ল; তাৰ পিছৰ পৰাই অভিনেত্ৰী গৰাকীক বলীউড ক্ষেত্ৰৰ পৰা দৰ্শকে দেখিবলৈ নোপাৱা হৈ পৰিল।
Add comment