Rupaliparda.com
কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 1

কলেজলৈ গ’লে বহুতেই জোকাই দিয়ে; “তোমাৰ উশাহত” নহ’লে “তুমি আহিলে” বুলিঃ দীপজ্যোতি মহন্ত

নৱ-প্ৰজন্মৰ বিভিন্ন কামে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। নিতৌ তেওঁলোকৰ কামে প্ৰশংসা লাভ কৰে চচিয়েল মিডিয়াত। নৱ-প্ৰজন্মৰ এনে শিল্পীৰ ভিতৰত বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে দীপজ্যোতি মহন্তৰ।

কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 2


নীল আকাশৰ “তোমাৰ ঊশাহতে” শীৰ্ষক গীতটিত দৰ্শকে প্ৰথম বাৰৰ বাবে দেখিবলৈ পাইছিল দীপজ্যোতিক। তেওঁৰ বিষয়ে অধিক বিতংকৈ জানিবলৈ ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁৰ সৈতে লৈছিলো এক টেলিফোনিক সাক্ষাৎকাৰ।চাওঁচোন আহকঃ

প্ৰশ্নঃ তুমি অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 3

দীপজ্যোতিঃ নীল আকাশ দাৰ “তোমাৰ উশাহতে” গীতটিৰ পৰাই অভিনয় ক্ষেত্ৰখনত প্ৰথম বাৰৰ বাবে খোজ দিছিলো। এই গীতটি নিৰ্মাণৰ আঁৰতো আছলতে বহুকেইটা ঘটনা জড়িত হৈ আছে। অভিনয় ক্ষেত্ৰখনক লৈ এটা হেঁপাহ সৰুৰ পৰাই আছিল, মই মোৰ লাজকুৰীয়া স্বভাৱটোৰ বাবে ক’তো অভিনয় কৰিবলৈ যোৱাহে নাছিলো। কিন্তু এই ইচ্ছা, এই হেঁপাহটোৰ কথা মোৰ দাদাহঁতে গম পাইছিল।
মোৰ সম্পৰ্কীয় ত্ৰিয়ন দাদা; তেওঁয়েই আছলতে “তোমাৰ উশাহতে” গীতটি কম্পোজ আৰু মিউজিক দিছিলে। তেওঁ আৰু নীল দাই বহু দিনৰ পৰাই এই গানটোক লৈ পৰিকল্পনা কৰিছিল যদিও গীতটো সম্পূৰ্ণকৈ লিখা হোৱা নাছিল। তাৰ পিছত, পুনম বাই মোৰ জন্মদিন অৰ্থাৎ ১৭ এপ্ৰিলৰ দিনা আমাৰ অৰ্থাৎ মোৰ আৰু ত্ৰিয়ন দাৰ ৰুমলৈ আহিছিল আৰু এই গানটো লিখি মোক জন্মদিনৰ উপহাৰ হিচাপে দিছিল। সঁচাকৈ ক’বলৈ গ’লে, এই জন্মদিনৰ উপহাৰটো মোৰ বাবে অধিক মূল্যৱান আছিল। তেনেকৈয়ে, গানটোত অভিনয় কৰিলো; ৰাইজেও আদৰি ল’লে। কেতিয়াও ভৱা নাছিলো, মোৰ প্ৰথমটো কামতেই ৰাইজে ইমান সঁহাৰি জনাব।

প্ৰশ্নঃ অভিনয়ৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা?? আজৰি সময়ত কি কৰি ভাল লাগে??

কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 4

দীপজ্যোতিঃ অভিনয়ৰ বাহিৰে কি কৰি ভালপাওঁ বুলি সুধিলে মই ফুৰি, খাই আৰু চিনেমা চাই খুব ভাল পাওঁ। তাৰ পিছত, নিজৰ বন্ধুৰ সৈতে সময় কটাই ভাল লাগে। কেতিয়াবা আজৰি সময়ত নিজৰ সৈতে সময় কটাইও ভাল লাগে আৰু বেছি ভাগ সময় যদি মই এনেই থাকো তেতিয়াহ’লে মই ষ্টুডিঅ’লৈ গৈ গানৰ ৰেকৰ্ডিং, শ্বুটিং চাই কটাই দিয়ো।

প্ৰশ্নঃ দীপলিনাৰ “তুমি আহিলে” গীতটি জৰিয়তে তুমি এক নতুন চিনাকী পালা বুলি ক’লেও হয়টো ভুল নহ’ব। তোমাৰ কেনে অনুভৱ হয়?

কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 5

দীপজ্যোতিঃ দীপলিনা বা ক’বলৈ গ’লে অসমৰ প্ৰতিজন ল’ৰাৰ “ভাল লগা ছোৱালী” ৰ মাজত এজনী ; আছলতে মোৰো এই লিষ্ট খনত দীপলিনা বাৰ নামেই শীৰ্ষত আছিল। তেওঁৰ সৈতে অভিনয় কৰাৰ সুবিধা পাই মই বহুত বেছি উৎসাহিত হৈছিলো; “তুমি আহিলে” গীতটিৰ লগতে তাৰ কাহিনীটোও বৰ সুন্দৰ আছিল। আৰু, এটা কথা উল্লেখ কৰিবই লাগিব; দীপলিনা বাই যে বহুত উৎসাহ দিয়ে লগতে নজনাবোৰ শিকাইও দিয়ে। গতিকে, তেওঁৰ সৈতে কাম কৰি বহুত ভাল লাগিছিল।
লগতে, গীতটিৰ সৈতে জড়িত আৰু এজন ব্যক্তি তিৰাপ দাৰ নাম মই ল’বই লাগিব। মই আজিলৈ যি শিকিছো; তেওঁৰ পৰাই শিকিছো। আৰু, কি জানে? কলেজলৈ গ’লে সকলোৱে “তোমাৰ উশাহত” নহ’লে “তুমি আহিলে” বুলি জোকাই দিয়ে; অপ্ৰস্তুত হৈ পৰো যদিও কিবা এটা বুজাব নোৱাৰা অনুভৱ হয়।

প্ৰশ্নঃ অসমীয়া অভিনয় ক্ষেত্ৰখনৰ কোন গৰাকী অভিনেতা বা অভিনেত্ৰীৰ সৈতে তোমাৰ কাম কৰাৰ ইচ্ছা??

কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 6

দীপজ্যোতিঃ অভিনয় কৰাৰ ইচ্ছা মোৰ বৰষা বা আৰু অনন্যা কাশ্যপ বাৰ সৈতে আছে; তেওঁলোকৰ অভিনয় খুব ভাল লাগে। এইখিনিতে ৰূপালী পৰ্দাৰ জৰিয়তে আপোনালোক সকলোকে জনাই থওঁ যে, আন যি দুগৰাকী অভিনেত্ৰীৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা আছে ক্ৰমে প্ৰিয়ম পল্লৱী আৰু সুকন্যা বৰুৱা; এই দুয়োগৰাকীৰ সৈতেই মোক দৰ্শকে অতি সোনকালেই দেখিবলৈ পাব।

প্ৰশ্নঃ তোমাৰ আগন্তুক প্ৰজেক্ট সম্বন্ধে জানিব বিচাৰিম।

কলেজলৈ গ'লে বহুতেই জোকাই দিয়ে; "তোমাৰ উশাহত" নহ'লে "তুমি আহিলে" বুলিঃ দীপজ্যোতি মহন্ত 7

দীপজ্যোতিঃ আগন্তুক প্ৰজেক্টৰ ভিতৰত কেইবাটাও আছে। জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু আৰু নীল আকাশ দাৰ গীতৰ ভিডিঅ’ ত মই কাম কৰি আছো লগতে জীৱনত প্ৰথমবাৰৰ বাবে মই এখন ড্ৰামাত কাম কৰি আছো। “জানমণি ২০২০” শীৰ্ষক এখন ফিছাৰ ফিল্মৰমূখ্য চৰিত্ৰত মই অভিনয় কৰাৰ সুবিধা লাভ কৰিছো।
চলিত বৰ্ষৰ হয়টো বহাগ বিহুলৈ ছবিখন দৰ্শকে দেখিবলৈ পাব। ইতিমধ্যে তেজপুৰৰ চতিয়াত ছবিখনৰ প্ৰায় শ্বুটিং সম্পন্ন হৈছে। এই অভিজ্ঞতাটো মোৰ জীৱনৰ আটাইতকৈ ভাল লগা অভিজ্ঞতাৰ ভিতৰত এটা।

… ধন্যবাদ দীপজ্যোতি। তোমাৰ আগন্তুক সকলোবোৰ কামৰ বাবে ৰূপালী পৰ্দাৰ ফালৰ পৰা তোমাক জনাইছো বহুত শুভকামনা।

দীপজ্যোতিঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform