Rupaliparda.com
সংগীতৰ বিভিন্ন ক্ষেত্ৰতে পাকৈত কন্ঠশিল্পীঃ অনিমা চৌধুৰী- 1

সংগীতৰ বিভিন্ন ক্ষেত্ৰতে পাকৈত কন্ঠশিল্পীঃ অনিমা চৌধুৰী-

অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী অনিমা চৌধুৰী। আধুনিক গীতকে ধৰি কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, বিহুগীত, টোকাৰী গীত, বিয়া নাম, নাম ঘোষা, ৰাজস্থানী গীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আদিত কন্ঠদান কৰি এই গৰাকী কন্ঠশিল্পীয়ে নিজক এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈ পৰিছিল।

সংগীতৰ বিভিন্ন ক্ষেত্ৰতে পাকৈত কন্ঠশিল্পীঃ অনিমা চৌধুৰী- 2
সংগীতৰ বিভিন্ন ক্ষেত্ৰতে পাকৈত কন্ঠশিল্পীঃ অনিমা চৌধুৰী- 3


চতূৰ্থ শ্ৰেণীত অধ্যয়নৰত হৈ থকা সময়তে তেওঁ অসম সংগীত প্ৰতিযোগিতাত বিজয় জয়। কটন কলেজত অধ্যয়নৰত হৈ থকা সময় ছোৱাত তেওঁ সংগীত পৰিচালক ৰমেন বৰুৱাৰ দৃষ্টিত পৰে আৰু “মুকুতা” ছবিখনত অনিমা চৌধুৰীয়ে “অ প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ সুবিধা লাভ কৰে। ১৯৭৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ খিতাপ লাভ কৰাৰ সমান্তৰালকৈ “পুতলা ঘৰ ” ছবিখনত কন্ঠদান কৰাৰ সুযোগ লাভ কৰে।


তিনিখন অসমীয়া ছবিৰ লগতে প্ৰায় ৩০ খনতকৈও অধিক এলবামত কন্ঠদান কৰা এই গৰাকী শিল্পীয়ে উৰিয়া দূৰদৰ্শন কেন্দ্ৰত উৰিয়া গান গোৱাৰো সুযোগ লাভ কৰিছিল।

Add comment

Leave a Reply