কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হ’ল বহু চৰ্চিত ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ড। কৰণ জহৰ, কাৰ্তিক আৰিয়নকে আদি কৰি কেইবাগৰাকীও বলীউড তাৰকাৰ সমাৱেশ ঘটিল ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত। ইয়াৰ মাজতেই কিন্তু অসম চৰকাৰৰ এই পদক্ষেপক লৈ সমালোচনা কৰাও দেখিবলৈ পোৱা গ’ল একাংশ দৰ্শকক। য’ত এফালে #BoycottFilmfare ৰ ঢৌ উঠিছে; তাতে আকৌ আনফালে অসম পৰ্যটন বিভাগৰ দাবীক উফৰাই থৈ এটা ৰাতিৰ ভিতৰতে মুম্বাই অভিমুখী তাৰকা সমূহক উদ্দশ্যি বিভিন্ন জনে ট্ৰোল কৰে অসম চৰকাৰক।


ফিল্মফেয়াৰৰ প্ৰায় প্ৰত্যেকটো সংস্কৰণত উপস্থিত কিং শ্বাহৰুখ খান ২০২০ বৰ্ষত উপস্থিত নথকাক লৈ একাংশই উঠালে প্ৰশ্ন। মুম্বাইৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছে যে অসম চৰকাৰে টকা ব্যয় কৰিব নোৱাৰাৰ বাবেই তিনি খান ও বিগ বি অমিতাভক দেখিবলৈ পোৱা নগ’ল এইবাৰৰ ফিল্মফেয়াৰত। ইয়াৰ উপৰিও, যিসকলক ফিল্মফেয়াৰ এৱাৰ্ড প্ৰদান কৰা হ’ব অথবা যিসকল তাৰকাই এই শ্ব’টোত নৃত্য কৰিব তেওঁলোককহে এইবাৰৰ ফিল্মফেয়াৰত মতা হৈছে বুলি দাবী কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে।

ইয়াৰ লগতে, অসমৰ পৰ্যটন ক্ষেত্ৰ কাজিৰঙা ফুৰিব বুলি দাবী কৰা পৰ্যটন বিভাগক বুঢ়া আঙুলি দেখুৱাই এদিনতে মুম্বাইলৈ ৰাওঁনা হ’ল আয়ূসমান খুৰানা, কাৰ্তিক আৰিয়ন তথা বিকি কৌশলকে ধৰি মাধুৰী দীক্ষিতো। গতিকে, যি মানসৰে গুৱাহাটীত পতা হৈছিল ফিল্মফেয়াৰ; সেয়া বাৰু সম্পূৰ্ণ হ’ল নে?? হাঁহিয়াতৰ পাত্ৰ হ’ল নেকি বাৰু অসম চৰকাৰ??

এইখিনিতে, কোৱা বাহুল্য যে; অক্ষয় কুমাৰে যিটো সময়ত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মঞ্চলৈ মাতি নিলে তেতিয়াই পিছফালৰ পৰা তথাকথিত একাংশ দৰ্শকে “ন-কা”, অথবা “গ-বেক” ৰ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিল। এইখিনিতে, প্ৰশ্ন হয় জাতি-মাতি-ভেঁটি ৰক্ষাৰ স্বাৰ্থত য’তে-ত’তেই এনেবোৰ ধ্বনি দিয়া জৰুৰী নে??

উল্লেখ্য যে, বিগত কিছু দিন ধৰি বিতৰ্কিত নাগৰিকত্ব আইন চমুকৈ “কা” ৰ বিৰোধিতা কৰি অসম চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। তৎস্বত্বেও কন্ঠশিল্পী গৰাকী ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থাকি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰাৰ দৃশ্যও চচিয়েল মিডিয়াত ভাইৰেল হৈছিল। কিন্তু, ফিল্মফেয়াৰলৈ অসম চৰকাৰৰ দ্বাৰা পোনপটীয়া আমন্ত্ৰণ দিয়া হোৱা নাছিল জুবিন গাৰ্গক; কিন্তু কিয়? আপোনালোকে কি ভাৱে?? কমেন্ট কৰি আমাক জনাওঁক।
1 comment