Rupaliparda.com
"লখিমী" ৰ মুক্তি দুই গীতঃ 1

“লখিমী” ৰ মুক্তি দুই গীতঃ

মুক্তি লাভ কৰিলে আগন্তুক অসমীয়া ছবি “লখিমী” ত অন্তৰ্ভূক্ত দুটি গীত। যোৱা কালি অৰ্থাৎ ১৮ ফেব্ৰুৱাৰী তাৰিখে “অগ্নিশিখা” তথা “লখিমী” শীৰ্ষক দুই গীতে মুক্তি লাভ কৰিছে “Dhwani Records” নামৰ ইউটিউব চেনেলটোত। মুম্বাইৰ “সাহাৰা ষ্টাৰ” ৰ লিংক ক্ৰাফ্টত অসমীয়া তথা বলীউড শিল্পীৰ উপস্থিতিত এক অনুষ্ঠানৰ যোগেৰে এই গীত দুটি মুকলি কৰা হয়।

"লখিমী" ৰ মুক্তি দুই গীতঃ 2
"লখিমী" ৰ মুক্তি দুই গীতঃ 3


উক্ত “অগ্নিশিখা” গীতটিত কন্ঠদান কৰিছে ৰিহাই আৰু গীতটিৰ কথা লোপামুদ্ৰা গগৈ বৰাৰ। আনহাতে, ছবিখনৰ শীৰ্ষ গীতটিত কন্ঠদান কৰিছে ৰশ্মি ৰেখা দেৱীয়ে লগতে ইয়াক লিখিছে মনজিৎ তালকুদাৰে। উক্ত দুয়োটা গীতত সংগীত দিছে নয়ন মণি বৰ্মণে।


চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২৪ তাৰিখে মুক্তিপাবলগীয়া এই ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। উল্লেখ্য যে, বিশ্বজিৎ বৰাৰ শেহতীয়াকৈ নিৰ্মিত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব কেইবাগৰাকীও নতুন কলা-কুশলী। ইয়াৰ উপৰিও,ছবিখনত কিছু সময়ৰ বাবে মন্ত্ৰী অতুল বৰাকো দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Most popular