Rupaliparda.com
বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ 1

বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ

ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক। চচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেমৰ সময়ছোৱাৰ পৰা ট্ৰোল হৈছিল তেওঁলোকৰ বিবাহ পৰ্যন্ত।

বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ 2

কিন্তু হাৰি যোৱা নাছিল এওঁলোক; সকলো সমালোচনাৰ কাঁইট ভাঙি বৰ্তমান সুখী জীৱন জ্ঞাপন কৰিছে এওঁলোকে। যাৰ সম্পূৰ্ণ নিদৰ্শন পোৱা যায় এওঁলোকৰ ফটোবোৰত। শেহতীয়াকৈ মিলিন্দ সুমনে ইনষ্টাগ্ৰামত পত্নীৰ এখন ক্ল’জআপ ফটো আপলোড কৰি কেপচন দিয়ে যে, “২০১৪…লৱ এট ফাৰ্ষ্ট চাইট” অৰ্থাৎ “প্ৰথম দেখাতেই প্ৰেম”। উক্ত ফটোখনত এতিয়া অনুৰাগীৰ যথেষ্ট কমেন্ট দেখিবলৈ পোৱা গৈছে; কোনোৱে যদি অংকিতাক কৈছে “মৰম লগা”, তাতেই আকৌ কোনোৱে কৈছে “সুন্দৰ”। উল্লেখ্য যে, মিলিন্দ-অংকিতাই ৪ বছৰ প্ৰেম কৰাৰ পিছত বিবাহ পাশত আবদ্ধ হয়।

https://www.instagram.com/p/B937VyeHEU8/?utm_source=ig_web_copy_link
বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ 3


যেতিয়া চচিয়েল মিডিয়াত তেওঁলোকক এবাৰ কোনোৱে ট্ৰোল কৰি কৈছিল যে, অংকিতাই মিলিন্দক “পাপাজী” সম্বোধন কৰাটো গ্ৰহণযোগ্য। তেতিয়া মিলিন্দে হাঁহি কৈছিল যে, “হয়, মোৰ পত্নীয়ে মাজে মাজে মোক “পাপা” বুলি মাতে ।” ইয়াৰ উপৰিও তেওঁ কয় যে, “অংকিতা আৰু মোৰ বয়সৰ ব্যৱধানটো হৈছে মোৰ মা আৰু মোৰ বয়সৰ ব্যৱধানৰ নিচিনাই। এয়া কি নাজানো; কিন্তু মই তেওঁক ভাল পাওঁ।”

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform