“কভিড ১৯” ৰ দৰে এই মাৰাত্মক মহামাৰী বিধৰ আগ্ৰাসনত নোসোমাবলৈ এতিয়া প্ৰত্যেকেই চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰৰ আহ্বান অনুযায়ী সকলোৱে চেষ্টা কৰিছে ঘৰতেই থকাৰ; আমনি লগা স্বত্বেও নিজ তথা নিজ পৰিয়ালটোৰ বিষয়ে ভাবিয়ে অনায়সে বাহিৰলৈ ওলাই নোযোৱাৰ চেষ্টা কৰা সকলোৱে। সাধাৰণজনে নিজৰ নিজৰ দায়িত্ব পালন কৰিয়ে যেন চৰকাৰক সহায়-সহযোগিতা আগবঢ়াইছে। এনেক্ষেত্ৰত চৰকাৰলৈ অনুদানো আগবঢ়াইছে অসমীয়া বহু শিল্পীয়ে। জুবিন গাৰ্গ, যতীন বৰা, আইমী বৰুৱাৰ সৈতে এই তালিকাখন দীঘলীয়া কৰি ইয়াত অন্তৰ্ভূক্ত হৈছে আচুৰ্য্য বৰপাত্ৰকে ধৰি তনভী শৰ্মা আৰু শ্যামন্তিকা শৰ্মাও।

এনে পৰিস্থিতত, দিন-ৰাতি একেকাৰ কৰি হাস্পাতালে-হাস্পাতালে ঘূৰি ফুৰা ব্যক্তি গৰাকীয়ে হৈছে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁক এতিয়া প্ৰশংসা কৰি বিভিন্ন শিল্পীয়ে পোষ্ট কৰিছে চচিয়েল মিডিয়াত। লগতে, মন্ত্ৰী গৰাকীলৈ ধন্যবাদো জ্ঞাপন কৰিছে চিলেব্ৰেটীসকলে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, অভিনেত্ৰী কল্পনা কলিতা তথা অভিনেতা কিশোৰ দাসে একোটা পোষ্টৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীলৈ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বত এতিয়া এই মহামাৰী বিধে কাল ৰূপ দেখুওৱা পিছতেই যোৱাকাইলৈৰ পৰা অসমতো পোৱা গৈছে “কভিড১৯” পজিটিভ ৰোগী। অসমৰ হাস্পাতাল সমূহলঋ গৈ “কভিড১৯” ৰ ফলত যদি কোনো বেয়া পৰিস্থিতিৰ সৃষ্টি হয়; তেতিয়া সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিক বিচনাৰ ব্যৱস্থা কৰে। এসপ্তাহৰ ভিতৰত জি.এম.চি.এইচত মন্ত্ৰী গৰাকীয়ে মুঠ ১৬২ খন ICU BED ৰ ব্যৱস্থা কৰে।
Add comment