Rupaliparda.com
"কৰণ-অৰ্জুন" ৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ-ছলমানঃ 1

“কৰণ-অৰ্জুন” ৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ-ছলমানঃ

ছলমান তথা শ্বাহৰুখ খানে একেলগে বহু ছবিত অভিনয় কৰিছে; কিন্তু তেওঁলোক অভিনীত আটাইকেইখন ছবিৰ ভিতৰত জনপ্ৰিয় ছবিখন আছিল “কৰণ-অৰ্জুন”। ১৯৯৫ চনত মুক্তি লাভ কৰিছিল এই ছবিখন। ছবিখন মুক্তিৰ ২৫ বছৰ হৈ যোৱা পিছতো কিন্তু ইয়াক চাবলৈ দৰ্শক বৰ্তমানেও উৎসাহিত হৈ থাকে। উক্ত ছবিখনত দুয়োগৰাকী তাৰকাই ভাই-ককাইৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। ছবিখনত কৰা দুয়োগৰাকীৰ অভিনয়ে বহু দৰ্শকৰ হৃদয় জিনিছিল যদিও ছবিখনৰ বাবে ৰাকেশ ৰোশনৰ প্ৰথমটো পচন্দ নাছিল শ্বাহৰুখ-ছলমান।

"কৰণ-অৰ্জুন" ৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ-ছলমানঃ 2
"কৰণ-অৰ্জুন" ৰ বাবে প্ৰথম পচন্দ নাছিল শ্বাহৰুখ-ছলমানঃ 3


“কৰণ-অৰ্জুন” ৰ বাবে ৰাকেশ ৰোশনে প্ৰথমে বিচাৰিছিল অফ স্ক্ৰীণ ভাতৃ ছানী দেউল আৰু ববী দেউলকহে। কিন্তু উক্ত ভাতৃদ্বয়ে ছবিখনৰ বাবে নাকচ কৰা ফলত শ্বাহৰুখ-ছলমানক গ্ৰহণ কৰা হয়। “কৰণ অৰ্জুন” ছবিখনৰ সময়ছোৱাত ববী দেউল ব্যস্ত হৈ আছিল তেওঁৰ প্ৰথমখন ডেবিউ ছবি “ৱাৰিষ” ক লৈ গতিকে ববী দেউলে “কৰণ অৰ্জুন” ক নাকচ কৰিছিল। লগতে, ছানী দেউলেও নিজ ভাতৃ ববী দেউলৰ ডেবিউ ছবিত কোনো ধৰণৰ অসুবিধা নহওঁক বুলিয়ে “কৰণ অৰ্জুন” ৰ বাবে অমান্তি হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform