২১ টা দিনৰ এই দীৰ্ঘদিনীয়া “লক-ডাউন” ৰ ফলত বৰ্তমান প্ৰত্যেকজন জনসাধাৰণ গৃহবন্দী হৈ পৰিছে। ক’তো কোনেও ওলাই যাব নোৱাৰা এনে পৰিস্থিতিত দিন হাজিৰা কৰি খোৱা অথবা নিম্ন শ্ৰেণীৰ পৰিয়াল সমূহৰ বাবে এই দিনকেইটা হৈ পৰিছে এক প্ৰত্যাহ্বান। ইয়াৰ ফলত অসম চৰকাৰেও বিভিন্ন ধৰণে এইকেইটা দিনত দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰিবলৈ আহ্বান জনাইছে সকলোকে; এনে ক্ষেত্ৰত সাধৰণ জনৰ লগতে আগবাঢ়ি আহিছে চিলেব্ৰেটীয়েও। জুবিন গাৰ্গকে আদি কৰি যতীন বৰা,আইমী বৰুৱা,আচুৰ্য্য বৰপাত্ৰ, ৰীমা দাস, তনভী তথা অভিনেত্ৰী শ্যামন্তিকাও আগবঢ়াইছে অসম চৰকাৰলৈ অনুদান। কিন্তু, এইখিনিতে এটা প্ৰশ্ন হয়; দুখীয়াৰ বাবে সকলো আগবাঢ়ি অহা সময়ত ৰাষ্টাই-ঘাটে ঘূৰি ফুৰা জন্তুবোৰৰ কথা ভাৱিব কোনে?

এনেসময়তে, ৰাষ্টাৰ একাংশ জন্তুৰ বাবে খাদ্যৰ যোগান ধৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। গুৱাহাটী স্থিত নৱগ্ৰহ মন্দিৰলৈ যোৱা ৰাষ্টাত থকা বান্দৰক খাদ্য দিলে এই গৰাকী অভিনেত্ৰীয়ে। ব্যক্তিগত ফেচবুক পেজ যোগে এটি পোষ্ট কৰি এই কথা ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে। লগতে, ভগৱানৰ ওচৰত প্ৰত্যেকজন জনসাধাৰণক এনে পৰিস্থিতৰ পৰা উলিয়াই নিবলৈও প্ৰাৰ্থনা জনায় বৰষাই। অভিনেত্ৰী গৰাকীৰ এনে পদক্ষেপক বৰ্তমান প্ৰশংসা কৰিছে সকলোৱে।
উল্লেখ্য যে, “যৌৱনে আমনি কৰে” ছবিখনৰ পৰা অভিনয় জীৱনত খোজ পেলোৱা বৰষা ৰাণী বৰ্তমান পৰ্যন্ত অসমীয়া ছবি ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। বিগত বছৰত মুক্তিপ্ৰাপ্ত “ৰঘুপতি” ৰ সফলতাৰ পিছত এইগৰাকী অভিনেত্ৰীক “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছিল।
Add comment