অৰ্থ নোহোৱা কিছু গীত প্ৰস্তুত কৰি বলীউড ক্ষেত্ৰখনত “ধিনছাক পূজা” নামে এগৰাকী ইউটিবাৰ যেনেদৰে জনপ্ৰিয় হৈ পৰিছিল; ঠিক তেনেদৰে অসমীয়া এই ক্ষেত্ৰখনতো এবে ইউটিবাৰ এজন আছে যি নৱ প্ৰজন্মকে ধৰি প্ৰতিটো প্ৰজন্মৰ মাজতেই জনপ্ৰিয়। তেওঁৰ নাম হৈছে ৰাজকুমাৰ ঠাকুৰীয়া; মিৰ্জাত জন্মগ্ৰহণ কৰা ৰাজকুমাৰে সাংস্কৃতিক ক্ষেত্ৰখনত নিম্মজিত হোৱাৰ মানসেৰেই চাকৰিৰ পৰা অৱসৰ লোৱাৰ উপৰিও অবিবাহিত জীৱন-যাপন কৰে। অসমীয়া-হিন্দী তথা ইংৰাজী ভাষাৰ সানমিহলিৰে প্ৰস্তুত কৰা ৰাজকুমাৰৰ গীত সমূহক বিভিন্ন জনে চচিয়েল মিডিয়াত ট্ৰোল কৰাৰ উপৰিও বিভিন্নটা টক-শ্বত তেওঁক আমন্ত্ৰণ কৰি মূৰৰ কামোৰণি নাইবা কেইবাটাও উপলুঙাসূচক নামেৰে নামাকৰণ কৰাও দেখিবলৈ পোৱা গৈছিল।

কিন্তু, সমাজত বাস কৰা বহুতে তেওঁক ট্ৰোল কৰা স্বত্বেও ৰাজকুমাৰ ঠাকুৰীয়া এই বিপদৰ সময়ছোৱাত আগবাঢ়ি আহিছে দুখীয়া একাংশ লোকৰ মাজলৈ। “লক ডাউন” ৰ সময়সীমা উকলিলেই মিৰ্জাৰ কাষৰ দুখীয়া শ্ৰেণীৰ ৩০ টা পৰিয়ালক ৫ কেজিকৈ চাউল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ। লগতে, এটি চচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ৰাজকুমাৰে আনকো চৰকাৰক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জাতি- ধৰ্মৰ কোনোধৰণৰ বিচাৰ নকৰি এই সহায় আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে ৰাজকুমাৰে।

আছলতে, ৰাজকুমাৰ ঠাকুৰীয়া নামটো চচিয়েল মিডিয়াত যেতিয়াই লোৱা হয় তেতিয়া কাৰোবাক জোকাবলৈ অথবা তেওঁকেই উপলুঙা কৰিবলৈহে লোৱা হয়। কিন্তু, ৰাজকুমাৰৰ এনে কাৰ্যই এতিয়া প্ৰত্যেককে প্ৰশংসা কৰিবলৈ বাধ্য কৰি তুলিছে। এগৰাকী পেঞ্চনাৰ হোৱা পিছতো তেওঁৰ এনে মানসিকতাই এতিয়া প্ৰত্যেকজন নাগৰিকক আকৰ্ষিত কৰিছে।
Add comment