সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বয়ে একেলগে যুঁজ দিছে মহামাৰী “কভিড ১৯” ৰ বিৰুদ্ধে। জনসাধাৰণে কেৱল মাত্ৰ ঘৰৰ ভিতৰতেই থাকি ৰোধ কৰিব পাৰিব এই মহামাৰীক; ফলত ঘৰৰ ভিতৰত সজাগ আৰু সচেতন হৈ থাকিয়ে প্ৰত্যেকজন জনসাধাৰণে কৰিছে ইজনে আনজনৰ সহায়। এনেক্ষেত্ৰত কোনোবাই যদি কিতাপ পঢ়িছে, কোনোবাই আকৌ নিজ ঘৰটোকে চাফা কৰি সময় অতিবাহিত কৰিছে। ঠিক তেনেদৰে মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অমৃত প্ৰীতম দত্তইও নিজ গৃহতেই থাকি কৰিছে সময় পাৰ। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এই গৰাকী ছাউণ্ড ডিজাইনাৰে মুম্বাইত থকা নিজ বাসগৃহৰ বাৰাণ্ডাত নিজাকৈ তৈয়াৰ কৰি লোৱা জৈৱিক সাৰৰ শুশ্ৰুষা কৰিছে।

অসম সন্তান অমৃত প্ৰীতম আছলতে প্ৰত্যেকজন অসমীয়াৰ বাবে গৌৰৱ; কাৰণ তেওঁ ঘৰুৱা দৰ্শকৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। ১৯৭৫ চনত যোৰহাটত জন্মগ্ৰহণ কৰা অমৃত প্ৰীতম Academy of Motion Picture Arts and Sciences ৰ এগৰাকী সদস্য। বিভিন্ন খন বলীউড ছবিত কাম কৰা এই গৰাকী শিল্পীয়ে “Slumdog Millionaire” শীৰ্ষক ছবিখনৰো চাউণ্ড ডিজাইনিঙৰ কাম কৰিছে।

কেইবাটাও আকৰ্ষণীয় বঁটা লাভ কৰা শিল্পী গৰাকী প্ৰথমজন অসমীয়া আছিল যিয়ে বিগত বৰ্ষত “টু পইন্ট অ” হিন্দী ছবিখনৰ বাবে হংকং এছিয়ান ফিল্ম এৱাৰ্ডত শ্ৰেষ্ঠ চাউণ্ড ডিজাইনাৰৰ শিতানত মনোনয়ন লাভ কৰিছিল।
Add comment