“ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাসে আতংকিত কৰিছে যদিও আকাশে-বতাহে এতিয়া বহাগৰ বাতৰি নামিছে। আজি গৰু বিহু। আজিৰে পৰা অসমীয়া সংস্কৃতিত আৰম্ভ হ’ল বহাগ বিহু। নাচনীৰ দুহাতত জেতুকা, ঢুলীয়াৰ ঢোলৰ চেওঁয়ে গোটেইখন ৰজন-জনাই থকাৰ পৰা এইবাৰ বিৰত থাকিলেও বহাগ বুলি অসমীয়া অভিনেত্ৰী সকলে এপাক নানাচিবনে? ঢুলীয়াৰ ঢোলৰ চেওঁত নহ’লেও বিহু বুলি এপাক ঘৰতেই নাচিলে অসমীয়া অভিনেত্ৰী সকলে; যাঁচিলে সকলোলৈ বহাগ বিহুৰ শুভকামনা। সেৰেঙা বিহুটিকো সাদৰেৰে সম্ভাষণ জনাইছে এওঁলোকে।

দীপলিনাই ঘৰতে বিহু নচাৰ পৰিবৰ্তে অভিনেত্ৰী আইমীয়ে নিজেই জেতুকা পিঁচি ৰঙীণ কৰিছে দুহাত। সুকন্যাই কপৌ ফুল পাঁহ খোপাত গুজি বিহু সাঁজযোৰ পিন্ধি চাইছে। মুঠতে; বহাগ আহিছে। অসমৰ “জানমণি” অৰ্থাৎ শ্যামন্তিকাই পূৰণি বিহু নচা ভিডিঅ’ এটাকে চচিয়েল মিডিয়াত আপলোড কৰি অতীতৰ বিহুটিক ৰোমন্থন কৰিছে; কেওঁদিশে মাত্ৰ এতিয়া বহাগৰ উছাহ।
ইয়াৰ লগতে, সমগ্ৰ অসমবাসীক ৰূপালীপৰ্দাৰ সমূহ কৰ্মকতাৰ ফালৰ পৰা ৰঙালী বিহুৰ উলগ যাঁচিলো।
Add comment