Rupaliparda.com
"ক'ৰ'ণা" ৰ মুক্তিৰ পিছত কেনে হ'ব চলচিত্ৰ ক্ষেত্ৰৰ অৱস্থা? জনালে অনুৰাগ বসুৱেঃ 1

“ক’ৰ’ণা” ৰ মুক্তিৰ পিছত কেনে হ’ব চলচিত্ৰ ক্ষেত্ৰৰ অৱস্থা? জনালে অনুৰাগ বসুৱেঃ

“কভিড ১৯” ৰ ফলত সমগ্ৰ দেশৰ চলচিত্ৰ ক্ষেত্ৰত এক বহুল প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। কেইবাখনো ছবিৰ নিৰ্মাণ কাৰ্য আধাতে ৰৈ যোৱা বিপৰীতে কিছুমান এনেও ছবি আছে যি কেইখন মুক্তিৰ বাবে সাজু হৈ আছে যদিও “লক-ডাউন” ৰ ফলত ই মুক্তি লাভ কৰা নাই। এনেক্ষেত্ৰত যেতিয়া এই “ক’ৰ’ণা ভাইৰাছ” ৰ সংক্ৰমণ কমিব নাইবা যেতিয়া এই আতংকৰ সমাপ্তি ঘটিব তেতিয়ালৈ এই চলচিত্ৰ ক্ষেত্ৰত কেনে ধৰণৰ সালসলনি ঘটিব তাক লৈ নিজ মন্তব্য ব্যক্ত কৰে বলীউড পৰিচালক অনুৰাগ বসুৱে। এক সাক্ষাৎকাৰ যোগে অনুৰাগে এই ছবি ক্ষেত্ৰসমূহত ডাঙৰ সালসলনি ঘটিব বুলি প্ৰকাশ কৰা লগতে তেওঁ কয় যে, “ছবিসমূহৰ ষ্টৰী টেলিং তথা ইয়াৰ স্বৰূপ বহু সলনি হ’ব। চিনেমা আৰু মনোৰঞ্জনৰ পৃথিৱীখনক “প্ৰি-ক’ৰ’ণা” ও “পোষ্ট ক’ৰ’ণা” এই দুটা ভাগ কৰাৰ উপৰিও এনে কিছুমান ছবিৰো নিৰ্মাণ হ’ব পাৰে যাৰ বিষয়বস্তু হ’ব পাৰে ক’ৰ’ণা।”

"ক'ৰ'ণা" ৰ মুক্তিৰ পিছত কেনে হ'ব চলচিত্ৰ ক্ষেত্ৰৰ অৱস্থা? জনালে অনুৰাগ বসুৱেঃ 2


ইয়াৰ উপৰিও “বৰ্ফী” পৰিচালক অনুৰাগ বসুৱে অনুমান কৰি কয় যে, “এই সময়ছোৱাত দৰ্শকৰ চিনেমাক লৈ বহু পৰিমাণে সোঁৱাদৰ সলনি হোৱা দেখিবলৈ পোৱা যাব। অপ্ৰয়োজনীয় কোনো বস্তু চোৱাত দৰ্শক উৎসাহিত নহ’ব আৰু এইবোৰে পৰিচালক সমূহক ভাল কন্টেণ্ট অনাত বাধ্য কৰিব।” এইখিনিতে পৰিচালক গৰাকীয়ে আকৌ এবাৰ নিজৰ অনুমানক কেন্দ্ৰ কৰি ছবি ক্ষেত্ৰখনে “লক-কডাউন” খোলাৰ পিছত কিছুদিনৰ বাবে যে সংকতময় পৰিস্থিতিৰ সন্মুখীন হ’ব সেই কথাও প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰায় এমাহৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহৰ বাবে বহু ছবিৰ মুক্তি তাৰিখ এবছৰলৈয়ে পিছুৱাই দিয়া হৈছে। গতিকে, এনেক্ষেত্ৰত ছবিৰ এই সমস্ত ক্ষেত্ৰখনত ঋণাত্মক প্ৰভাৱ পৰাটো নিশ্চিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform