Rupaliparda.com
অসহায় জনক সহায় তথা এপাক বিহুয়ো নাছিলে বৰষা ৰাণী বিষয়াইঃ 1

অসহায় জনক সহায় তথা এপাক বিহুয়ো নাছিলে বৰষা ৰাণী বিষয়াইঃ

আজি মানুহ বিহু। সেৰেঙা বহাগে এইবাৰ অসমীয়াক আমনি কৰিলেও যিসকলে ঘৰতে যিমান দূৰলৈ উদযাপন কৰিব পাৰে; কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এনেক্ষেত্ৰত “লক-ডাউন” ৰ বৃদ্ধিয়ে একাংশৰ বাবে আনিছে প্ৰত্যাহ্বান। দৈনিক মজুৰি কৰি খোৱা শ্ৰমিকসকলে এই বিহুৰ সময়তো নিজ ইচ্ছানুসৰি নিজ পৰিয়ালক কিবা এটা খোৱাব-পিন্ধাব নোৱাৰা কথাটোৱে এতিয়া সকলোকে দুখ দিছে। সেইবাবেই অসম চৰকাৰেও এইবাৰ বহাগত গামোছাৰ সলনি যাতে কিছু দান দি দুখীয়াৰ সহায় কৰে তাৰেই আহ্বান জনায় জনসাধাৰণৰ আগত। বিগত সময়ত বহু শিল্পীক দুখীয়া অথবা অসহায় জনৰ ওচৰ চপা আমি চচিয়েল মিডিয়া যোগে দেখিছো। আৰ্থিক ভাৱে সহায় নকৰিলেও দুবেলা দুমুঠি দিবলৈ চেষ্টা কৰিছে এওঁলোকে। কন্ঠশিল্পী গীতালীকে আদি কৰি ৰাজকুমাৰৰ লৈ প্ৰত্যেকেই সামৰ্থনুযায়ী অসহায় জনক সহায় কৰিছে।

অসহায় জনক সহায় তথা এপাক বিহুয়ো নাছিলে বৰষা ৰাণী বিষয়াইঃ 2


গতিকে, এনে মানসিকতাৰে এইবাৰ আগবাঢ়িছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াইও। Assam Chambers of Commerce ৰ তৰফৰ পৰা আগবঢ়োৱা এই সাহাৰ্য্যৰ অংশীদাৰ হৈ অভিনেত্ৰী গৰাকীয়ে বিহু সাজেৰেই অসহায় জনক সহায় কৰা দেখিবলৈ পোৱা গ’ল। ইয়াৰ উপৰিও, দৰ্শকক এপাক বিহুয়ো নাছি দেখুৱালে অভিনেত্ৰী গৰাকীয়ে। কিছুদিন পূৰ্বে, অভিনেত্ৰী গৰাকীক নৱগ্ৰহ মন্দিৰত উপস্থিত হৈ তাত থকা বান্দৰ সমূহক খাদ্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁৰ মতে, নিজৰ মনৰ ভাৱ বুজাব নোৱাৰা একাংশ জীৱ জন্তুইও অভাৱৰ সময়ছোৱাত ভোকত থাকিবলগীয়াত পৰে; গতিকে এওঁলোকক সহায় কৰাইও এক প্ৰকাৰ মানৱ ধৰ্ম।


বৰষা ৰাণী বিষয়াই চচিয়েল মিডিয়া যোগে বিভিন্ন সময়ত জনসাধাৰণক “কভিড ১৯” বিষয়ে বুজাবলৈ চেষ্টা কৰাৰ উপৰিও এই সংকতৰ সময়ছোৱাত সাধাৰণজনক প্ৰত্যেকটো সময়ত সহায় আগবঢ়োৱা চিকিৎসক, প্ৰশাসন আদিকো ধন্যবাদ জ্ঞাপন কৰি আহিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform