Rupaliparda.com
চচিয়েল মিডিয়াত পাপনৰ বিহুঃ সন্ধিয়া হ'ব ৬.৩০ বজাত লাইভ- 1

চচিয়েল মিডিয়াত পাপনৰ বিহুঃ সন্ধিয়া হ’ব ৬.৩০ বজাত লাইভ-

আমি সকলোৱে ৰঙালী বিহুত অনুষ্ঠিত বিহু ফাংছন সমূহত এগৰাকী শিল্পীয়ে বিহু গীত পৰিৱেশন কৰি ৰাইজক মনোৰঞ্জন কৰোৱা দেখিবলৈ পাইছো। এইকেইদিনত তেওঁলোকৰ ব্যস্ততাই আকাশ চোৱাৰ লগতে এইকেইদিনত হ’বলগীয়া ফাংছন সমূহৰ এখন দীঘলীয়া তালিকা দেখা যায়। কিন্তু সম্প্ৰতি এই সকলোবোৰত বাধাস্বৰূপ থিয় দিছে মহামাৰী “কভিড ১৯”। “বিহু ফাংছন” সমূহৰ সলনি এইবাৰ সাধাৰণজনে অনুভৱ কৰিছে কেৱল এক আতংকময় পৰিস্থিতি। এই সকলোবোৰ অসুবিধা-অনাতনৰ পিছতো অনুৰাগীৰ মাজলৈ অহাৰ প্ৰয়াস কৰিছে এতিয়া কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। বিহু মঞ্চ নহয়; চচিয়েল মিডিয়াৰ যোগেৰেই এইবাৰ ৰাইজলৈ কাষলৈ আহিব অংগৰাগ মহন্ত।

https://www.instagram.com/p/B-6aDQmD059/?utm_source=ig_web_copy_link


চচিয়েল মিডিয়াৰ তিনি প্লেটফৰ্ম ক্ৰমে ফেচবুক, ইনষ্টাগ্ৰাম তথা ইউটিউবৰ জৰিয়তে লাইভ আহি বিহুগীতৰ সোঁৱাদ দিব পাপনে। পাপনৰ এনে পদক্ষেপক বৰ্তমান সঁহাৰিও জনাইছে দৰ্শকে। নজবাইনো কিয়? বাপতি সাহোন সাদৰৰ বিহুটিক লৈয়ে অপেক্ষাৰত হৈ থাকে প্ৰত্যেক অসমীয়া; তাতেই আকৌ পাপনৰ বিহু। গতিকে, ঘৰতেই বহি এইবাৰৰ ৰঙালী উদযাপন কৰা শিল্পীয়ে ন-ন ধৰণে অনুৰাগীক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে।

চচিয়েল মিডিয়াত পাপনৰ বিহুঃ সন্ধিয়া হ'ব ৬.৩০ বজাত লাইভ- 2


উল্লেখ্য যে,অসমীয়া সংগীত জগতত এটা জনপ্ৰিয় নাম হৈছে অংগৰাগ পাপন মহন্ত। তেওঁ কেৱল মাত্ৰ অসমীয়া সংস্কৃতিতেই নহয়; বলীউড ক্ষেত্ৰখনতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। কন্ঠৰ দ্বাৰা অসমবাসীক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰম্বান্বিতও কৰিছে অংগৰাগে। কিছু দিন পূৰ্বে অংগৰাগে ৫০০-৬০০ বছৰ পূৰণি বৰগীতক নিজ কন্ঠৰে পুনৰ বাৰ শ্ৰোতাৰ সমুখলৈ আনিছিল। “বৰগীত ঘোষা সংকলন ১” শীৰ্ষক শ্ৰব্য কেছেট খনৰ দ্বাৰা নৱপ্ৰজন্মক বৰগীতৰ সোঁৱাদ দিবলৈ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে। ইয়াৰ উপৰিও, হিমাংশু প্ৰসাদ দাসৰ আগন্তুক ছবি “গৰু” ৰ “ধিক্কাৰ এই জীৱন” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে অংগৰাগে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform