এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেত্ৰীয়ে যেতিয়া বাপতি সাহোন বিহুটোক আকোঁৱালি এপাক বিহু নাঁচে তেতিয়া তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেনে এক পৰিচয় আছে অসমতে জন্মগ্ৰহণ কৰা গোপী বহু অৰ্থাৎ দেৱলিনা ভট্টাচাৰ্য্যৰ। বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিস্থিত এইগৰাকী অভিনেত্ৰীয়ে ৰঙালীৰ মাজতে বিহু নাচি চচিয়েল মিডিয়াত আপলোড কৰিলে এক ভিডিঅ’; যি এতিয়া দৰ্শকৰ সমাদৰ লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। অসমৰ শিৱসাগৰত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে নিজৰ স্কুলীয়া শিক্ষাও গ্ৰহণ কৰিছিল শিৱসাগৰতেই। নিঁখুট অভিনয়ৰ লগতে দেৱলিনা পাৰ্গত ভাৰতন্যাতম্ টো। ধাৰাবাহিকত অন্তৰ্ভূক্তিৰ পূৰ্বেই তেওঁক দেখিবলৈ পোৱা গৈছিল ডেন্স ৰিয়েলিটী শ্ব’ “ডেন্স ইণ্ডিয়া ডেন্স” ৰ দ্বিতীয়টো সংস্কৰণত। তাৰ পিছতে NDTV ৰ দ্বাৰা প্ৰচাৰিত ধাৰাবাহিক “চাৱাৰে চবকে চপনে প্ৰীতো” ৰ দ্বাৰা দেৱলিনাই আৰম্ভ কৰে নিজৰ অভিনয় জীৱনৰ।
২০১২ চনত “সাথ নিভানা সাথিয়া” ত কৰা চৰিত্ৰটোৰে দেৱলিনাই চিনাকী লাভ কৰে সকলোৰে মাজত। “গোপী বহু” ৰ বাবে তেওঁক দৰ্শকে প্ৰশংসা কৰা উপৰিও কেইবাটাও বঁটা লাভ কৰে এই অভিনেত্ৰী গৰাকীয়ে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হৈও কিন্তু দেৱলিনাই কোনো দিনেই পাহৰা নাছিল তেওঁৰ ঘাই শিঁপা ডাল; সেইবাবেই হয়টো “বিগ বছ ১৩” অন্তৰ্ভূক্ত হোৱা পিছতো “Weekend Ka Vaar” ত তেওঁক পৰিধান কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়া মেখেলা-ছাদৰ। তেওঁৰ শাৰিৰীক কিছু অসুস্থতাৰ
বাবে শ্ব’টোৰ পৰা ওলাই আহিবলগীয়া হৈছিল যদিও তেওঁ থকা দিনকেইটাৰ শ্ব’টোত তেওঁৰ খেলৰ প্ৰশংসা কৰিছিল বহুতেই।

“বিগ বছ ১৩” ত থকা সময়ছোৱাতো দেৱলিনাই নিজেই বিহু নাচি তেওঁৰ সৈতে থকা আন আন প্ৰতিযোগিক বিহু নাচিবলৈ শিকাইছিল। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগতে দেৱলিনাইও সঁহাৰি লাভ কৰিছিল বহুতৰ। সমান্তৰালকৈ, অসমৰ কন্ঠশিল্পী ভৃগু কাশ্যপৰ “ৰামধেনু” শীৰ্ষক গীতটিত বিগত বছৰত দেখিবলৈ পোৱা গৈছিল দেৱলিনাক।
Add comment