Rupaliparda.com
"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 1

“জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক”- ঋতুপৰ্ণ বৰা

অসমত জন্মগ্ৰহণ কৰা বহু প্ৰতিভা বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ চিনাকী নাম। সেয়া অভিনয়ে হওঁক নাইবা সংগীতেই হওঁক; প্ৰায়ে আটাইবোৰ ক্ষেত্ৰতেই প্ৰভাৱ বিস্তাৰ কৰিছে অসম সন্তান ও জীয়ৰীয়ে। কিন্তু এইবাৰ কোনো সংগীত শিল্পী বা অভিনেতা/অভিনেত্ৰী নহয়; আমি কথা পাতিম আন এগৰাকী ব্যক্তিৰ সৈতে। যি গৰাকী কোনো এখন ছবিত অভিনয় কৰা নাই নাইবা তেওঁ কোনো গীতত কন্ঠদান কৰা নাই যদিও তেওঁ ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে একোখন ছবি ও একোটা গীতৰ সৈতে। তেওঁৰ কৰ্মটোৰ অবিহনে যেন অসম্পূৰ্ণ হৈ পৰে একোটা গীত ও এখন ছবি। তেওঁ হৈছে “কাঞ্চনজংঘা”, সংগীত এলবাম “মা” তথা কেইবাটাও গীতৰ আৰু কিতাপৰ পোষ্টাৰ ও গ্ৰাফিক্স ডিজাইনাৰ ঋতুপৰ্ণ বৰা।

"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 2

আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি কথা পাতিম এই গৰাকী গ্ৰাফিক্স ডিজাইনাৰৰ সৈতে; জানিম তেওঁৰ বিষয়ে কিছু কথা-

প্ৰশ্নঃ গ্ৰাফিক ডিজাইনিঙৰ এই ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত??

"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 3

ঋতুপৰ্ণঃ মই ২০১০ চনৰ পৰাই এই গ্ৰাফিক্স ক্ষেত্ৰখনৰ সৈতে জড়িত। দিল্লীত গ্ৰাফিক্সৰ শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি ইয়াত এটা ব্যক্তিগত নিউজ চেনেল “নিউজ লাইভ” ত চাকৰি কৰিছিলো। বৰ্তমান মই দিল্লীত অৱস্থিত; ইয়াত থকা এটা ৰাষ্ট্ৰীয় চেনেল CNN NEWS 18 মই কৰ্মৰত।

প্ৰশ্নঃ আপুনি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে বহু কাম কৰিছে; তেওঁৰ সৈতে কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা?

"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 4

ঋতুপৰ্ণঃ জুবিন দাৰ সৈতে মই বিগত কেইবাবছৰৰ পৰা কাম কৰি আছো। শেহতীয়াকৈ তেওঁৰ সৈতে কৰা কামটো হৈছে অলপতে মুক্তি লাভ কৰা “কাঞ্চনজংঘা” ছবিখনৰ পোষ্টাৰ আৰু এনিমেটেড টাইটেলটো ডিজাইন কৰা। ইয়াৰ উপৰিও, জুবিন দাৰ “মা” এলবামটিৰ গ্ৰাফিক্সৰ কামখিনি লগতে তেওঁৰেই এখন কবিতা কিতাপ “জুবিনৰ পদ্য” বুলি সেইখনত মই কাম কৰিছিলো; এইখন আছলতে গ্ৰাফিকেল কিতাপ বুলিয়ে ক’ব পাৰি কিয়নো ইয়াত প্ৰত্যেকটো কবিতাৰ লগে লগে একোটা গ্ৰাফিক্স দিয়া হৈছিল।
জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক। যিহেতু, জুবিন দা নিজেই এগৰাকী কলাসুলভ ব্যক্তি গতিকে তেওঁ বৰ ভালকৈ জানে এজন শিল্পীৰ মাজৰ পৰা কেনেদৰে এটা ভাল কাম উলিয়াই ল’ব পৰা যায়। তেওঁ এজন শিল্পীক যিমান পৰিমাণে স্বাধীনতা দিব লাগে সেইখিনি তেওঁ দিয়ে। ভাল কাম কৰিলে সদায় তেওঁ সঁহাৰি জনাইছে গতিকে এজন শিল্পীক কাম কৰা স্বাধীনতা প্ৰদান কৰে জুবিন গাৰ্গে।
আছলতে, তেওঁৰ সৈতে কাম কৰি মোৰো অভ্যাসেই হৈছে ৰাতি কাম কৰাৰ। জুবিন দা গোটেই ৰাতি নুশোৱে; তেওঁ কাম কৰে ৰাতিটো। কেতিয়াবা এনেকুৱাও হয় যে তেওঁ ৰাতি ১-২ বজাতো ফোন কৰি মোক কৈছে যে “ঋতু এনেকুৱা এটা গান ভাবিছো; গ্ৰাফিস্ক লাগে।” তেওঁক লাগিব মানে লাগিবই; কেতিয়াবা গোটেই ৰাতি কাম কৰি কটাই দিছো। কিন্তু, এই গোটেই ৰাতি কাম কৰাৰ ফলত যিটো অৱসাদ, ভাগৰ অনুভৱ হ’ব লাগে; সেইটো কিন্তু কোনোদিন নাই হোৱা। তেওঁক হয়টো বহুত ভাল পাওঁ কাৰণেই ছাগে তেওঁ দিয়া কামবোৰ অশান্তিদায়ক হৈ নুঠে। চেষ্টা কৰো যাতে এই কামখিনি কৰাৰ পিছত কিবা এটা ভাল ফল উলিয়াই তেওঁক দিব পাৰো। জুবিন দাৰ সৈতে কাম কৰাৰ পৰা বহুখিনি শিকিবও পাৰিছো গতিকে মই নিজক ভাগ্যৱান বুলি ভাৱো।

প্ৰশ্নঃ আপোনাৰ বাবে সফলতাৰ মূলমন্ত্ৰ কি?

"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 5

ঋতুপৰ্ণঃ সফলতাৰ মূলমন্ত্ৰ বুলি ক’লে আছলতে মই নিজকে এতিয়ালৈ সফল বুলি ভবা নাই। নিজ সংস্কৃতিটোৰ বাবে গ্ৰাফিক্স যোগেৰে বহুখিনি কাম ভৱিষ্যতে কৰিবলৈ পৰিকল্পনা কৰিছো। এতিয়ালৈ জীৱনত মই যিমান খিনি পাইছো এইখিনিৰ মূলমন্ত্ৰ বুলি ক’লে মই দু্টা বস্তুক প্ৰাধান্য দিম। এটা হ’ল “কঠোৰ শ্ৰম” আৰু আনটো হ’ল “নিষ্ঠা”। গ্ৰাফিক্স হওঁক বা অইন ক্ষেত্ৰতেই হওঁক এই দুই বস্তু বৰ দৰকাৰী।
যদিহে মোক কোনোবাই এটা কাম দিছে আৰু এই কামটো যদি মই ৪-৫ দিনত কৰিম বুলি কথা দিছো তেনেহ’লে সেই দিনকেইটাৰ ভিতৰত যাতে মই নিজৰ সৰ্বোচ্চ দিবলৈ পাৰো লগতে উক্ত সময়খিনিত যাতে মই কামটো সম্পূৰ্ণ কৰি দিব পাৰো তাৰ চেষ্টা কৰো। তাৰ বাহিৰেও আন এটা কথা হ’ল যে মানুহ যিমানেই সফল নহওঁক কিয়; তেওঁ সদায় মাটিৰ মানুহ আৰু মৰমিয়াল হৈ থাকিব লাগে। কাৰণ মানুহে মৰমৰ দ্বাৰাইহে নিজ জীৱনবোৰ সুন্দৰ কৰি তুলিব পাৰে।

প্ৰশ্নঃ ৰাষ্ট্ৰীয় পৰ্যায়তো আপুনি কাম কৰিছে; ৰাষ্ট্ৰীয় ক্ষেত্ৰ সৈতে অসমত কৰা কামৰ আপুনি কিবা পাৰ্থক্য অনুভৱ কৰেনে?

"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 6

ঋতুপৰ্ণঃ ক’বলৈ গ’লে, ৰাষ্ট্ৰীয় কাৰ্যক্ষেত্ৰ আৰু অসমৰ কাৰ্যক্ষেত্ৰৰ মাজত বৰ বেছি পাৰ্থক্য নাই কিন্তু যিহেতু মই এটা ৰাষ্ট্ৰীয় চেনেলত কৰ্মৰত গতিকে ইয়াৰ ভিত্তিত ক’ম যে ইয়াত যিখিনি টেকন’লজিৰ আমি ব্যৱহাৰ কৰো সেইখিনিৰ তুলনাত অসমত অকণমান ক’ম। সেয়া হয়টো কিছু আৰ্থিক অভাৱৰ ফলতো হ’ব পাৰে; কিন্তু বৰ্তমান সময়ত মই দেখিছো যে আমাৰ গ্ৰাফিক্সৰ ক্ষেত্ৰ খনত কিছু নতুন নতুন চিন্তাই দেখা দিছে। সুযোগ সমূহো বাঢ়িছে অসমত লগতে চিনেমা তথা গীত মুক্তিৰ সংখ্যাও বাঢ়িছে গতিকে নতুন নতুন গ্ৰাফিক্সো দৰ্শকে দেখিছে; আগন্তুক সময়ত মই বিশ্বাস কৰো যে হয়টো ইয়াতকৈ আৰু অধিক ভাল হ’ব চিন্তা-চৰ্চা সমূহ অসমত। এতিয়া যেনেদৰে “পাৰ্থক্য” বোলা বস্তুটো আহিছে; তেতিয়া ছাগে এইবোৰ নাহিবই।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

"জুবিন দাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাটো আছলতে বৰ সুন্দৰ, উৎসাহদায়ক"- ঋতুপৰ্ণ বৰা 7

ঋতুপৰ্ণঃ আগন্তুক প্ৰজেক্ট হিচাপে মই কেইখনমান ছবি, গান আদিৰ লগতে কেইটামান গ্ৰাফিকেল প্ৰজেক্টৰ সৈতে জড়িত। উল্লেখনীয় কাম হিচাপে আপোনালোকে হয়টো ইতিমধ্যে গম পাইছে “বাৰুদ ২” ছবিখনৰ বিষয়ে গতিকে তাত আৰু অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” ত মই গ্ৰাফিক্সৰ কাম কৰি আছো।
চেষ্টা অব্যাহত ৰাখিছো মোৰ গ্ৰাফিক্সৰ যোগেৰে কিবা এটা নতুনত্ব অনাৰ । সেয়া লাগিলে নিউজৰ ক্ষেত্ৰতেই হওঁক নাইবা অসমীয়া ছবি বা গীতৰ ক্ষেত্ৰতেই হওঁক।

………ধন্যবাদ ছাৰ। ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই ৰূপালীপৰ্দাক দিয়া বাবে।

ঋতুপৰ্ণঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform