Rupaliparda.com
"মোৰ ঘৰত চাউল নাই, তথাপিও কাকো খোজা নাই"- ৰাজীৱ ক্ৰ' 1

“মোৰ ঘৰত চাউল নাই, তথাপিও কাকো খোজা নাই”- ৰাজীৱ ক্ৰ’

এগৰাকী অভিনেতা ও পৰিচালক কেৱল মাত্ৰ অভিনয় তথা পৰিচালনাৰ ক্ষেত্ৰতে পাৰ্গত নহয়; তেওঁৰ প্ৰতিভাৰ দ্বাৰা সৃষ্ট অইন কলা সমূহেও সমাদৰ লাভ কৰে দৰ্শক ও শ্ৰোতাৰ। বহুকেইখন অসমীয়া নাট তথা ২০০৫ চনৰ পৰা সম্প্ৰচাৰিত “খিচিৰি” কমেডী ধাৰাবাহিকখনত অভিনীত আৰু অসমীয়া ছবিৰ এগৰাকী উল্লেখনীয় অভিনেতা ৰাজীৱ ক্ৰ’। শেহতীয়াকৈ তেওঁৰ দ্বাৰা ৰচিত “মই এজন শিল্পী” শীৰ্ষক কবিতাটিয়ে বৰ্তমান আকৃষ্ট কৰিছে দৰ্শকক। কন্ঠশিল্পী নীল আকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন জন শিল্পীয়ে কবিতাটিৰ বহুল অংকত প্ৰশংসা কৰাৰ লগতে কবিতাটি ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত। “লক-ডাউন” ৰ সময়ছোৱাত একাংশ শিল্পীৰ হোৱা দুখ-দূৰ্গতিৰ স্থিতি বাখ্যা কৰি ৰাজীৱ ক্ৰ’ ই উক্ত কবিতাটি লিখি উলিয়ায়।

"মোৰ ঘৰত চাউল নাই, তথাপিও কাকো খোজা নাই"- ৰাজীৱ ক্ৰ' 2


“লক-ডাউন” ৰ সময়ছোৱাত অসহায় জনক “BPL” তথা ৰেচন কাৰ্ড যোগে চৰকাৰে সহায় আগবঢ়োৱাৰ সমান্তৰালকৈ বিভিন্ন জনে বিভিন্ন সময়ত অসহায় লোকৰ কাষ চপা আমি সকলোৱে দেখিছো। কিন্তু এনে সময়ত একাংশ মধ্যবিত্তৰ কষ্ট তথা সংগ্ৰামৰ কাষ কোনো চপা নাই। গতিকে, এনে কিছু পৰিস্থিতিৰ লগত খাপ খুৱাই ৰচিত ৰাজীৱ ক্ৰ’ ৰ কবিতাটি এতিয়া জনপ্ৰিয় হৈ উঠিছে। কবিতাটি ৰচনা কৰাৰ লগতে ইয়াক আবৃত্তিও কৰিছে অভিনেতাগৰাকীয়ে।

"মোৰ ঘৰত চাউল নাই, তথাপিও কাকো খোজা নাই"- ৰাজীৱ ক্ৰ' 3


কবিতাটি তলত দিয়া হ’লঃ

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform