অসমত এনে বহু শিল্পী আছে; যাৰ বহুল প্ৰতিভাই দৰ্শকৰ সমাদৰ লাভ কৰা ক্ষেত্ৰত গৈ কোনো কাৰণত হৈ পৰে সীমাবদ্ধ। কেতিয়াবা কোনো শিল্পীৰ বাবে তেওঁৰ আগ্ৰহৰ বিষয়টো স্বভাৱত পৰিণত হয়; য’ৰ পৰা তেওঁক এলাগী কৰাটো একেবাৰেই কঠিন। এনে এক কন্ঠশিল্পী হৈছে প্লাৱিতা বৰদলৈ শইকীয়া। বোকাজান সংগীত বিদ্যালয়ৰ পৰা সংগীত চৰ্চা আৰম্ভ কৰা এই গৰাকী শিল্পীয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে সংগীত বিষাৰদ। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা Cultural Studies বিষয়ত স্নাতকোত্তৰ লাভ কৰা প্লাৱিতা হৈছে যোৰহাট আৰু ডিব্ৰুগড় অনাঁতাৰ কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শিল্পী। সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত এই গৰাকী শিল্পীৰ বিগত বৰ্ষত মুক্তি লাভ কৰিছিল এটি গীত; নাম আছিল “বাৰিষাৰে বৰষুণ”।
প্লাৱিতাই অধিক গীতত কন্ঠদান কৰা নাই যদিও এটি গীতৰ দ্বাৰাই তেওঁৰ অনুৰাগী হৈছে দৰ্শক ও শ্ৰোতা। ইয়াৰ উপৰিও, কন্ঠশিল্পী গৰাকীয়ে কেইবাখনো মঞ্চত গীত পৰিৱেশন কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আনহাতে, “আৰজুজি আৰজুজি” এটি গীতক কিছুদিন পূৰ্বে কাৰ্বি আৰু অসমীয়া সংস্কৰণত মুক্তি প্ৰদান কৰে প্লাৱিতা বৰদলৈ শইকীয়াই। ইতিমধ্যে তেওঁৰ এই গীতটিকো আদৰি লৈছে জনসাধাৰণে।
অসমৰ চুকে-কোণে থকা এনেবোৰ শিল্পী আৰু তেওঁলোকৰ প্ৰতিভাই কিছু সময়ত বহুল প্ৰচাৰ লাভ নকৰিলেও তেওঁলোকৰ গীতসমূহক যিয়ে উপভোগ কৰে সেই আটাইবোৰৰেই সমাদৰ প্ৰদান কৰা দেখিবলৈ পোৱা যায়।
Add comment