ক’ৰোণা মহামাৰীৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বক ছানি ধৰিলেও নতুন নতুন খবৰে বৰ্তমানেও জনসাধাৰণক আপ্লুত কৰি ৰখাত সক্ষম হৈছে। সমাগত ঈদ উৎসৱ; আচুঁতীয়াকৈ হ’লেও ঈদৰ বাবে প্ৰস্তুতি চলাইছে মুছলিম সম্প্ৰদায়ৰ প্ৰতিজন জনসাধাৰণে। কিন্তু, আমি আজি দিবলৈ বিচৰা নতুন খবৰটো কেৱল মাত্ৰ মুছলিম সম্প্ৰদায়ৰ বাবেই নহয়; প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ সৈতেই খাপ খোৱা। ঈদ উৎসৱৰ প্ৰাকক্ষণত আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে এটি নতুন গীত “আজান”; অতিশীঘ্ৰে অৰ্থাৎ অহা ১৫ মে’ তাৰিখে গীতটিক মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। Jonaki Mon & Soulmates ৰ তৰফৰ পৰা আন এটি গীত “আজান” ক কৰি দিয়া হ’ব মুকলি। ইতিমধ্যে তেওঁলোকৰ প্ৰচেষ্টাত মুক্তিপ্ৰাপ্ত একোটা গীতে প্ৰত্যেকজন শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আনহাতে, “আজান” য়েও মুক্তিৰ পূৰ্বেই লাভ কৰিছে শ্ৰোতাৰ সঁহাৰি; এইখিনিতে আপোনালোকক জনাওঁ যে, ইয়াৰ পূৰ্বে Jonaki Mon & Soulmates ৰ তৰফৰ পৰা দুটি গীত ক্ৰমে “সপোন যেন পাওঁ” আৰু “ভাগৰ” ক মুকলি কৰা হৈছিল; তেওঁলোকৰ ব্যক্তিগত ইউটিউব চেনেলত মুক্তি লাভ কৰা গীতকেইটিত ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। আপোনালোকেও যদি গীত সমূহৰ কমেন্ট সমূহত চকু ফুৰাই তাতো ধনাত্মক কমেন্টে দেখিবলৈ পোৱা যাব।

NB Production ৰ বেনাৰত নিৰ্মিত “আজান” শীৰ্ষক এই গীতটিৰ কথা লিখিছে ডানিশে; লগতে, গীতটিত কন্ঠদান আৰু সুৰ কৰিছে জোনাকী মনে নিজেই। সংগীত প্ৰযোজনা অৰ্ণৱ বশিষ্ঠৰ আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে ইদীপ্ত দত্ত। সম্প্ৰতি সময়ত দৰ্শক সকল একোটা সুন্দৰ প্ৰকল্প উপভোগ কৰিবলৈ অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। অৱশ্যে ইটোৰ পিছত সিটোকৈ নতুন প্ৰকল্পৰে আগবঢ়া এই নৱপ্ৰজন্মৰ সৃষ্টিয়ে এতিয়া প্ৰত্যেককে মনোৰঞ্জন প্ৰদানত সহায় কৰিছে। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।

গতিকে, ক’ব পৰা যায় যে Jonaki Mon & Soulmates ৰ “আজান” ক লৈ বৰ্তমান আশাবাদী সংগীত প্ৰেমী শ্ৰোতা; আৰু এওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।
Add comment