Rupaliparda.com
"চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল" ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত "জাপি"- 1

“চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল” ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত “জাপি”-

অসমীয়া ছবিসমূহৰ দৰেই বৰ্তমান সময়ত চুটি ছবি, তথ্য চিত্ৰ সমূহে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে দৰ্শকৰ ওপৰত। মনোৰঞ্জনৰ সমান্তৰালকৈ তথ্য চিত্ৰ এখনৰ দ্বাৰা শিকিবলগীয়া কথাখিনিৰেহে দৰ্শক অতি আকৰ্ষিত হৈ পৰে। “লক-ডাউন” ৰ সময়ছোৱাত জনসাধাৰণৰ ভাৱে নিজৰ লগত সময় কটোৱাটো আটাইতকৈ সহজ হৈ পৰিছে। সকলোৱে নিজৰ ইচ্ছানুসৰি সময় কটাইছে এই “লক-ডাউন” ত। এনে সময়ত দৰ্শকৰ মনোৰঞ্জনৰ প্ৰয়াসো কৰা দেখিবলৈ পোৱা গৈছে একাংশ শিল্পীক। গতিকে, এই সময়ছোৱাত বিভিন্ন ছবি ও তথ্য চিত্ৰৰ খবৰ দি দৰ্শকৰ মনোৰঞ্জন কৰাৰ চেষ্টা কৰা দেখা গৈছে পৰিচালক ও চলচিত্ৰ সমালোচক উৎপল দত্তক। কিছুদিন পূৰ্বে অনুষ্ঠিত “চলচিত্ৰম নেশ্বনেল ফিল্ম ফেষ্টিভেল” ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰা “জাপি” শীৰ্ষক তথ্যচিত্ৰৰ বিষয়ে জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে।

"চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল" ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত "জাপি"- 2


কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ১৯ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ খনত অসমৰ অতিকৈ আপোন এক চিহ্ন “জাপি” ৰ বিষয়ে আলোচনাক দাঙি ধৰা হৈছে। বিগত দিনৰ পৰা অসমীয়া ৰাইজে বিশেষকৈ কৃষক সমাজে প্ৰতিকূল অৱস্থাৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰা “জাপি” টোৱে গিনিছ বুক অৱ বৰ্ল্ড ৰেকৰ্ডত স্থান গ্ৰহণ কৰালৈ; এই আটাইৰে বিৱৰণ কৰা হৈছে উক্ত তথ্যচিত্ৰখনত। দেশ-বিদেশৰ পৰা অহা অতিথিক কৰা আপ্যায়নৰ পৰা বিহুৰ সময়ত নাচনীয়ে কৰা “জাপি” ৰ ব্যৱহাৰে ইয়াৰ মান মৰ্যাদা কিমান উৰ্দ্ধত কৰিছে সেয়া অনুমান কৰিব পৰা যায়। তথ্যচিত্ৰ খনত “জাপি” ৰ বিষয়ে পুংখাপুংখ তথ্য দাঙি ধৰাৰ লগতে নেপথ্যত বাজি থকা “ভইচ অভাৰ” ৰ সৈতে সামঞ্জস্য ৰখা প্ৰতিটো দৃশ্যই আছলতে তথ্যচিত্ৰখনক অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

"চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল" ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত "জাপি"- 3


প্ৰথম স্থানপ্ৰাপ্ত এই তথ্যচিত্ৰ খন উপলদ্ধ “Vimeo” নামে এপটোত। ছবিখন উপভোগ কৰা পিছতেই জনসাধাৰণৰ পৰা অহা মন্তব্যই প্ৰমাণ কৰিছে ছবিখনৰ সফলতা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform