Rupaliparda.com
"থলাইবী" ৰ সৈতে জড়িত মজদুৰক কংগনা ৰাণাওঁটৰ সহায়ঃ 1

“থলাইবী” ৰ সৈতে জড়িত মজদুৰক কংগনা ৰাণাওঁটৰ সহায়ঃ

দেশৰ কোনো কোনো ঠাই “কভিড ১৯” ৰ দৰে এই মহামাৰীত নাকী লগাবলৈ সক্ষম হৈছে যদিও কিছু এনেও ঠাই আছে য’ত নিতৌ এই মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনে ক্ষেত্ৰত দেশত বৃদ্ধি হোৱা লক-ডাউনে আৰ্থিক অৱস্থা বেয়া কৰি তুলিছে একাংশ মজদুৰৰ; যিয়ে নিতৌ কাম কৰি অৰ্জন কৰা টকাৰে পৰিয়ালক পোহপাল দিয়ে। এনে মজদুৰৰ বাবে বিগত দিনত আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছিল বিভিন্ন বলীউড চিলেব্ৰেটীক। এই চিলেব্ৰেটী সমূহৰ লগতেই এতিয়া নিজ নাম অন্তৰ্ভূক্ত কৰিছে অভিনেত্ৰী কংগনা ৰাণাওঁটে। বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হ’লেও প্ৰয়োজনৰ সময়ত আগবাঢ়ি অহা বাবে কংগনা ৰাণাওঁটক প্ৰশংসাও কৰিছে এতিয়া জনসাধাৰণে।

"থলাইবী" ৰ সৈতে জড়িত মজদুৰক কংগনা ৰাণাওঁটৰ সহায়ঃ 2


“Employees Fedaration of South India” ৰ সৈতে জড়িত মজদুৰলৈ তেওঁ ১০ লাখ টকাৰ অনুদান আগবঢ়ায়। অভিনেত্ৰী গৰাকীয়ে ৫ লাখ টকা “Employees Fedaration of South India” ৰ ৰিলিফ ফাণ্ডলৈ পঠিয়ায় আৰু আন ৫ লাখ টকা তেওঁৰ আহিবলগীয়া ছবি “থলাইবী” ৰ সৈতে জড়িত মজদুৰ সকললৈ প্ৰেৰণ কৰে যি টকা তেওঁলোকৰ একাউন্ট সমূহত দিয়া হ’ব।

"থলাইবী" ৰ সৈতে জড়িত মজদুৰক কংগনা ৰাণাওঁটৰ সহায়ঃ 3


উল্লেখ্য যে, কংগনাই লক-ডাউন হোৱাৰ পূৰ্বেই থলাইবীৰ শ্বুটিং শেষ কৰিবলগীয়া আছিল। বিজয়ৰ দ্বাৰা পৰিচালিত এই ছবি তামিল, তেলেগু আৰু হিন্দী এই তিনিওটা ভাষাত লাভ কৰিব মুক্তি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.