Rupaliparda.com
কোৱাৰেন্টাইনৰ সদ্ ব্যৱহাৰ ঋতৃষা শৰ্মাৰঃ সম্পূৰ্ণৰূপে ব্যস্ত "সংগীত" ত- 1

কোৱাৰেন্টাইনৰ সদ্ ব্যৱহাৰ ঋতৃষা শৰ্মাৰঃ সম্পূৰ্ণৰূপে ব্যস্ত “সংগীত” ত-

“লক-ডাউন” ৰ বাবে বহাগ বিহুৰ সময়ছোৱাত এগৰাকী কন্ঠশিল্পী বিহু মঞ্চৰ পৰা এলাগী হ’লেও কিন্তু আঁতৰি থকা নাই সংগীতৰ পৰা। দৈনন্দিন নতুন নতুন গীতৰ জৰিয়তে অনুৰাগীৰ কাষ চপা জনপ্ৰিয় কন্ঠশিল্পী ঋতৃষা শৰ্মা বৰ্তমান মুম্বাইত আৱদ্ধ হৈ আছে। “কোৱাৰেন্টাইন” ৰ এই সময়খিনিত নিজ ঠাইৰ পৰা আঁতৰি থাকিও কিন্তু হতাশ হোৱা নাই ঋতৃষা। বাপতি সাঁহোন বিহুটিক উদযাপন কৰাৰ লগতে নিতৌ চচিয়েল মিডিয়াত লাইভ আহি অনুৰাগীৰ সৈতে কথা পাতি গীত পৰিৱেশন কৰিছে তেওঁ। সমান্তৰালকৈ, আজৰি সময়ৰ সদ্ ব্যৱহাৰ কৰি ব্যক্তিগত ইউটিউব চেনেলটোত মুকলি কৰিছে এটাৰ পিছত এটাকৈ নতুন হিন্দী গীতৰ “কভাৰ”। মুঠতে, সম্পূৰ্ণৰূপে নিজক সংগীতৰ লগতেই ব্যস্ত কৰি ৰখাৰ যেন এক সুন্দৰ প্ৰয়াস। প্ৰায়ে নিজ কন্ঠৰ যাদুৰে অসমীয়া শ্ৰোতাৰ হৃদয়ত স্থিতি লাভ কৰা ঋতৃষাই অসমীয়াৰ লগতে জোৰ দিছে হিন্দী গীত সমূহতো। তেওঁৰ “কভাৰ” সমূহেও লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শক ও শ্ৰোতাৰ সঁহাৰি।


উল্লেখ্য যে, আগন্তুক সময়ত অৰ্থাৎ “কভিড ১৯” ৰ দৰে এনে মহামাৰীৰ সন্ত্ৰাস কিছু মাৰ যোৱা পিছতেই হয়টো অনুৰাগীৰ কাষলৈ আহিব ঋতৃষা শৰ্মাৰ দুই গুৰুত্বপূৰ্ণ প্ৰকল্প। প্ৰকল্পটোৰ প্ৰায় কাম সমাপ্ত হোৱা স্বত্বেও ইয়াৰ মুক্তিত বৰ্তমান বাধা হৈ পৰিছে “লক-ডাউন”। বৰ্তমান চচিয়েল মিডিয়াত ব্যস্ত হৈ পৰিছে একাংশ শিল্পী; কলা-কুশলী। সকলোৱে অনুৰাগীক নিজা সময় প্ৰদান কৰিব নোৱাৰে যদিও বৰ্তমান অনুৰাগীৰ নিচেই কাষ চপা দেখিবলৈ পোৱা গৈছে এওঁলোকক। এনে শিল্পী সমূহৰ ভিতৰত হৈছে ঋতৃষাও এগৰাকী।

কোৱাৰেন্টাইনৰ সদ্ ব্যৱহাৰ ঋতৃষা শৰ্মাৰঃ সম্পূৰ্ণৰূপে ব্যস্ত "সংগীত" ত- 2


চলিত মাহৰ ৩০ তাৰিখ পৰ্যন্ত দৈনন্দিন হিচাপত তেওঁৰ লাইভ অনুষ্ঠান উপভোগ কৰিবলৈ পাৰিব দৰ্শকে। “লক-ডাউনে” বিহু মঞ্চৰ পৰা আঁতৰাই পঠিয়ালেও শিল্পী সমূহ যে আঁতৰি যোৱা নাই; ইয়ে হৈছে প্ৰমাণ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform