Rupaliparda.com
অভিনয় ক্ষেত্ৰত এবছৰ পূৰ্তি অনন্যা পাণ্ডেৰঃ প্ৰশংসা কৰিলে দীপিকাকো- 1

অভিনয় ক্ষেত্ৰত এবছৰ পূৰ্তি অনন্যা পাণ্ডেৰঃ প্ৰশংসা কৰিলে দীপিকাকো-

বিগত বৰ্ষৰ এইটো মাহতে মুক্তি লাভ কৰিছিল কৰণ জহৰৰ “ষ্টুডেন্ট অৱ দ্যা ইয়েৰ” ৰ দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ “ষ্টুডেন্ট অৱ দ্যা ইয়েৰ ২”। এই ছবিখনৰ দ্বাৰা অভিনয় ক্ষেত্ৰখনত খোজ দিছিল অভিনেত্ৰী অনন্যা পাণ্ডেই। প্ৰথম খন ছবিৰ দ্বাৰা জনসাধাৰণৰ মাজত প্ৰশংসাও লাভ কৰিছিল তেওঁ। অভিনেত্ৰী গৰাকী অভিনয় ক্ষেত্ৰলৈ অহা ১ বছৰ পূৰ্ণ হোৱাৰ ফলত তেওঁৰ অনুভৱৰ বিষয়ে সোধাত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত তেওঁ কয় যে, “মোৰ এতিয়াও এয়া সপোন যেনেই লাগে। এইটোক বৰ্ণনা কৰিবলৈ ছাগে এইটোৱে সহজ শব্দ। মই এতিয়াও এইটোক বিশ্বাস নকৰো আৰু মই এতিয়াও ভাবি ৰোমাঞ্চিত হৈ থাকো যে মই বৰ্তমান এগৰাকী অভিনেত্ৰী।” দৰ্শকে তেওঁক পচন্দ কৰাৰ কথা ব্যক্ত কৰাৰ লগতেই অনন্যা পাণ্ডে কয় যে, “মই জানো মোক এতিয়া যুব প্ৰজন্মই চাই আছে আৰু ই মোৰ বাবে বলীউডৰ বস্ক অফিচৰ অংকতকৈও ওপৰত।”

অভিনয় ক্ষেত্ৰত এবছৰ পূৰ্তি অনন্যা পাণ্ডেৰঃ প্ৰশংসা কৰিলে দীপিকাকো- 2
অভিনয় ক্ষেত্ৰত এবছৰ পূৰ্তি অনন্যা পাণ্ডেৰঃ প্ৰশংসা কৰিলে দীপিকাকো- 3


আগন্তুক সময়ত অনন্যাক শকুন বত্ৰাৰ দ্বাৰা নিৰ্দেশিত ছবিত দেখিবলৈ পোৱা যাব; ছবিখনত তেওঁৰ সৈতে থাকিব দীপিকা পাডুকন লগতে সিদ্ধান্ত চতূৰ্বেদী। দীপিকা পাডুকনৰ সৈতে অভিনয় কৰাক লৈ উৎসাহিত হোৱাৰ উপৰিও অনন্যাই কয় যে “আপোনাৰ এনে নালাগিব যে তেওঁ এগৰাকী ষ্টাৰ হয়; নিজৰ বন্ধু নিচিনা লাগে তেওঁক। বাহিৰৰ মানুহজনীতকৈ ভিতৰৰ মানুহজনী বেছি সুন্দৰ দীপিকাৰ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform