Rupaliparda.com
ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে "ভোক"! "আমিষে" আকৌ লগাইছে ভোকঃ 1

ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে “ভোক”! “আমিষে” আকৌ লগাইছে ভোকঃ

বিগত বৰ্ষত অসমৰ চলচিত্ৰ প্ৰেমী দৰ্শক আক্ৰান্ত হৈছিল এক ভোকত। যি ভোকৰ বাবে তেওঁলোক ঢাপলি মেলিছিল ছবিগৃহলৈ; এই ভোকৰ বাবে দীঘলীয়া শাৰী পতা হৈছিল ছবি সমাৰোহত। ঘৰুৱা দৰ্শকৰ বাদেও এই ভোকৰ বাবে বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপেও খাবলৈ বাধ্য হৈছিল অসমীয়া ব্যঞ্জন । এয়া ভোক আছিল ভাস্কৰ হাজৰিকাৰ ছবি “আমিষ” ৰ। দৰ্শকৰ হৃদয়ত অসমীয়া ছবিক লৈ পুনৰ আকৰ্ষণৰ সৃষ্টি কৰা “আমিষ” আছিল অসমীয়া চলচিত্ৰ জগতৰ এখন সফল ছবি। প্ৰেমৰ অদ্ভূত শিহৰণ, ব্যতিক্ৰমী উন্মাদনা তথা ইয়াৰ বাবে পাৰ হৈ যোৱা হাজাৰ-নিযুত সীমনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কৰা হৈছিল বহুল প্ৰশংসা। অসমৰ কেইবাটাও চিত্ৰগৃহত সফলতাৰে চলা এই ছবিখনক লৈ নিজ মতামত পোষণ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচিত্ৰ সমালোচক ৰাজীৱ মাচাণ্ডে।

ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে "ভোক"! "আমিষে" আকৌ লগাইছে ভোকঃ 2


এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নহয়; ছবিখনৰ প্ৰশংসা কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তহে। “Our Stupid Reaction” নামে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় ইউটিউব চেনেলত দুজন ব্যক্তি ক্ৰমে Korbin Miles আৰু Rick Segall য়ে প্ৰশংসা কৰিছে এই ছবিখনক। উক্ত দুয়োগৰাকীয় ব্যক্তিয়ে ছবিখনৰ বৰ্ণনা দাঙি ধৰাৰ লগতে কয় যে “ভাল ছবিৰ চোৱাৰ মানসিকতা গঢ় দি এই ছবিখনো আপোনালোকে চাওঁক।” ইয়াৰে লগতে তেওঁলোকে নৱাগতা লিমা দাস আৰু নৱাগত অৰ্ঘ্যদ্বীপৰ অভিনয়ৰো প্ৰশংসা কৰে। ছবিখনৰ মূল চৰিত্ৰ ৰূপায়ন কৰিছিল উক্ত দুই শিল্পীয়ে।

ৰাষ্ট্ৰীয় নহয়; আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাগিছে "ভোক"! "আমিষে" আকৌ লগাইছে ভোকঃ 3


২০১৯ চনৰ ট্ৰাইবেকো চলচিত্ৰ মহোৎসৱত ছবিখনে মুক্তি লাভ কৰিছিল লগতে “আমিষ”-এ “ইন্টাৰনেছনেল নেৰেটিভ” ৰ পাঁচটা ভিন্ন শিতানত মনোনয়ন লাভ কৰিবলৈও সক্ষম হৈছিল। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে ২২ নৱেম্বৰত মুক্তি লাভ কৰে। উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “আমিষ” ৰ বাবে লিমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে ভাস্কৰ হাজৰিকাই লাভ কৰে “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা। চতূৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা ২০১৯ ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে ছবিখনে শ্ৰেষ্ঠ সংগীত পৰিচালক তথা শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰীৰ বঁটাও লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform