দেশত হোৱা কেলেংকাৰী সমূহে সদায় জনসাধাৰণৰ মনত একোটা প্ৰশ্নৰ সৃষ্টি কৰে। চৰকাৰে আগবঢ়োৱা আঁচনি সমূহৰ অধিকাংশ হৰলুকী হোৱাৰ পিছতহে কোনো অভাৱীৰ হাতলৈ আহে; তাৰ মাজতো আকৌ একাংশই নাপায় এনে কোনো সুবিধা। এয়া আচলতে আচৰিত হ’বলগীয়া কথা নহয়; সময়ে সময়ে এনে বহু কথাই সংবাদ মহল জোঁকাৰি যায় যদিও কিছুদিন পিছত ইয়াৰ কোনো শুং-সূত্ৰ নাথাকে। কিন্তু এনেক্ষেত্ৰত দিশহাৰা হৈ পৰিবলগীয়া হয় নিম্ন শ্ৰেণীৰ জনসাধাৰণ। এই আটাইবোৰ চিত্ৰক যদি এখন চুটি ছবিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ অনা হয়; নিশ্চয়কৈ এই সমগ্ৰ কথা আপোনালোকে হৃদয়ংগম কৰিব পাৰিব। উক্ত বিষয়ৰ এটা সৰু অংশক উপস্থাপন কৰাৰ চেষ্টা কৰিছে বৰ্তমান কেইগৰাকী মান উঠি অহা প্ৰজন্মৰ পৰিচালক ও অভিনেতাই।
“লক-ডাউন”ৰ সময়তে এনে এক বিশেষ কাহিনী উপস্থাপনৰ চেষ্টা কৰিছে পৰিচালক সপ্তৰ্ষি গগৈয়ে। “শতাব্দী এক্সপ্ৰেছ ১৯১৮” শীৰ্ষক এই চুটি ছবিখনত দেশৰ এক বৃহৎ কেলেংকাৰীৰ কথা সৰল ৰূপত উপস্থাপন কৰাত দৰ্শকো আকৰ্ষিত হৈ পৰিছে। দৃশ্যগ্ৰহণে কিছু ব্যাঘাত জন্মাইছে যদিও উক্ত চুটি ছবিখনৰ কাহিনীভাগত ই কোনো অপকাৰ কৰা নাই। মহামাৰীৰ ফলত মজদুৰ শ্ৰেণীয়ে ভোক আৰু বেমাৰৰ মাজত কৰিবলগীয়া যুদ্ধত সদায় ভোকে বাজী মৰাত বেমাৰক বুঢ়া আঙুলি দেখুৱাই আগবাঢ়িবলগীয়া হয় কৰ্মক্ষেত্ৰত। এই কথাখিনিকেই অতি সহজ ৰূপত বাখ্যা কৰা হৈছে “শতাব্দী এক্সপ্ৰেছ ১৯১৮” ত।
সপ্তৰ্ষি, হিৰাঞ্জু আৰু হিমাংশুয়ে অভিনয় কৰা ছবিখনৰ সংগীত জয় আদিত্যৰ আৰু সম্পাদনা আকাশ দীপৰ। “লক-ডাউন” ত দেখিবলৈ পোৱা একাংশ সৃষ্টিৰ মাজত এয়া অন্যতম।
Add comment